ক্রীড়া-জগত

মহম্মদ ছিৰাজে নল'লে আৰ্থিক পুৰস্কাৰ: এখনো মেচ নেখেলা এটা দলে লাভ কৰিলে ৪২ লাখ

Asomiya Pratidin

ডিজিটেল ডেস্ক: এছিয়া কাপৰ ফাইনেলত বিজয় সাব্যস্ত কৰা ভাৰতীয় ক্ৰিকেট দললৈ প্ৰাইজমানী হিচাপে আগবঢ়োৱা হৈছে ১.২৫ কোটি টকা। সেইদৰে ৰানাৰ্ছ আপ শ্ৰীলংকালৈ আগবঢ়োৱা হৈছে ৮২ লাখ টকা। ইয়াৰোপৰি তৃতীয় স্থানত থকা বাংলাদেশে ৫১ লাখ আৰু চতুৰ্থস্থানত থকা পাকিস্তানে লাভ কৰিলে ২৫ লাখ টকা।

এই সকলোবোৰৰ উপৰিও এছিয়া কাপৰ এখনো মেচ নেখেলা আন এটা দলেও লাভ কৰিলে আৰ্থিক পুৰস্কাৰ। এই দলটোৱে লাভ কৰা আৰ্থিক পুৰস্কাৰ পাকিস্তানে লাভ কৰা আৰ্থিক পুৰস্কাৰতকৈ বহু বেছি। প্ৰতিযোগিতাখনত এখনো মেচ নেখেলা এই দলটোৰ অৱশ্যে ভূমিকা প্ৰায় প্ৰতিখন মেচতে আছিল অতি গুৰুত্বপূৰ্ণ।

শ্ৰীলংকাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ প্ৰায় প্ৰতিখন মেচতে বৰষুণে দিলে বিধি পথালি। ফাইনেল মেচখনোতো ইয়াৰ ব্যতিক্ৰম নহ'ল। ৩ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ফাইনেল মেচখন বৰষুণৰ বাবেই ৪০ মিনিট পলমকৈ অনুষ্ঠিত হ'ল। শ্ৰীলংকাত অনুষ্ঠিত হোৱা প্ৰায় প্ৰতিখন মেচতেই এয়া আছিল চিনাকী দৃশ্য।

তাৰ মাজতো মেচসমূহ অনুষ্ঠিত কৰি প্ৰতিযোগিতাখনক সফল কৰি তোলাত সকলোতকৈ বেছি অৰিহণা আছিল গ্ৰাউণ্ড ষ্টাফ তথা মেচকৰ্মীসকলৰ। সেয়েহে এই কৰ্মীসকললৈ এছিয়ান ক্ৰিকেট কাউন্সিল আৰু শ্ৰীলংকান ক্ৰিকেট ব'ৰ্ডে আৰ্থিক পুৰস্কাৰ ঘোষণা কৰিছে। তেওঁলোকলৈ আগবঢ়োৱা হৈছে ৪২ লাখ টকাৰ পুৰস্কাৰ।

এছিয়া কাপৰ আয়োজক আছিল পাকিস্তান আৰু শ্ৰীলংকা। পাকিস্তানত চাৰিখন মেচ হোৱাৰ বিপৰীতে বাকী আটাইকেইখন মেচ অনুষ্ঠিত হ'ল শ্ৰীলংকাত। শ্ৰীলংকাৰ দুটা কৈ ভ্যেনুত অনুষ্ঠিত হোৱা মেচসমূহৰ ভিতৰত গ্ৰুপ পৰ্যায়ৰ ভাৰত-পাকিস্তানৰ প্ৰথমখন মেচ বৰষুণৰ বাবেই বাতিল কৰা হয়।

সেই মেচখনো অনুষ্ঠিত কৰিবলৈ মেচকৰ্মীসকলে চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয়। কলম্বোত অনুষ্ঠিত হোৱা প্ৰায় প্ৰতিখন মেচতেই আহিছে বৰষুণ। মেচৰ পূৰ্বে, মাজত দেখা গৈছে কিদৰে মেচ কৰ্মীসকলে কষ্ট কৰিছে।

এই সন্দৰ্ভত এছিয়ান ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষ জয় শ্বাহে কয়, তেওঁলোকৰ কথা বৰ বিশেষ চৰ্চা হোৱা নাই। কিন্তু তেওঁলোকেই প্ৰকৃত নায়ক। সেয়ে এছিয়ান ক্ৰিকেট কাউন্সিল আৰু শ্ৰীলংকাৰ ক্ৰিকেট ব'ৰ্ডে সিদ্ধান্ত লৈছে যে, কলম্বো আৰু কেণ্ডিৰ পিটছ প্ৰস্তুতকৰ্তা আৰু মেচকৰ্মীলৈ ৫০ হাজাৰ ডলাৰ (প্ৰায় ৪২ লাখ) দিয়া হ'ব।

উল্লেখ্য, এছিয়া কাপ অনুষ্ঠিত হোৱাৰ কথা আছিল পাকিস্তানত। কিন্তু ভাৰতে পাকিস্তানত নেখেলাৰ সিদ্ধান্ত লোৱাত হাইব্ৰিড মডেলত পাকিস্তান আৰু শ্ৰীলংকাত অনুষ্ঠিত কৰা হয় প্ৰতিযোগিতাখন। শ্ৰীলংকাত বৰষুণৰ বাবে মেচ বাতিল হোৱাৰ লগতে স্থগিত ৰাখিবলগীয়া হোৱাৰ বাবে পাকিস্তান ক্ৰিকেট ব'ৰ্ডে ভাৰতকেই জগৰীয়া কৰিছে।

কিন্তু তাৰ পাছতো সুকলমে অনুষ্ঠিত হৈ গ'ল প্ৰতিযোগিতাখন। এয়া কেৱল এই মেচকৰ্মীসকলৰ বাবেই সম্ভৱ হৈছে। তেওঁলোকে কোনোসময়ত যদি ফেনেৰে আউট ফিল্ড শুকুওৱাৰ চেষ্টা কৰিছিল আন সময়ত হেল'জেন ব্যৱহাৰ কৰিছিল। বাৰে বাৰে ঢাকিছিল পিটছ।

আনহাতে মেচকৰ্মীসকলৰ এনে কষ্টক প্ৰশংসাৰে উপচাই দিলে ভাৰতীয় দলটোৰ বিজয়ৰ নায়ক মহম্মদ ছিৰাজেও। তেওঁ ৬ উইকেট দখল কৰাৰ বাবে যি ৪ লাখ ১৫ হাজাৰ টকাৰ আৰ্থিক পুৰস্কাৰ পাইছিল সেই পুৰস্কাৰ মেচ কৰ্মীসকললৈ আগবঢ়ালে।