এছিয়া কাপৰ মৰণপণ যুঁজৰ পূৰ্বে বিপদত পাকিস্তানঃ বিশ্বকাপৰ বাবেও দুঃচিন্তাত...
এছিয়া কাপৰ মৰণপণ যুঁজৰ পূৰ্বে বিপদত পাকিস্তানঃ বিশ্বকাপৰ বাবেও দুঃচিন্তাত... 
ক্রীড়া-জগত

এছিয়া কাপৰ মৰণপণ যুঁজৰ পূৰ্বে বিপদত পাকিস্তানঃ বিশ্বকাপৰ বাবেও দুঃচিন্তাত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিপদে লগ এৰা নাই পাকিস্তানক। ভাৰতৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ পাছত এছিয়া কাপৰ ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিবলৈ পাকিস্তানে এতিয়া শ্ৰীলংকাৰ সৈতে মৰণপণ যুঁজ দিব লাগিব।

কিন্তু এই যুঁজত অৱতীৰ্ণ হোৱাৰ পূৰ্বেই বেকফুটলৈ গৈছে পাকিস্তান। কিয়নো দলটোৰ বলিং আক্ৰমণৰ অন্যতম শক্তি হিচাপে পৰিচিত নাশ্বিম শ্বাহ বাহিৰ হৈছে দলটোৰ পৰা।

আঘাতৰ সমস্যাৰ বাবে বাংলাদেশৰ বিৰুদ্ধে খেল পথাৰত নামিব নোৱাৰিব নাশ্বিম শ্বাহ। তেওঁৰ পৰিৱৰ্তে দলটোত অন্তৰ্ভুক্ত হৈছে জমন খান। ভাৰতৰ বিৰুদ্ধে খেলা মেচত ৪৯ অভাৰত কান্ধৰ আঘাতৰ সন্মুখীন হৈছিল নাশ্বিম শ্বাহ।

বৃহস্পতিবাৰে পাকিস্তানে মৰণপণ যুঁজ দিব লাগিব শ্ৰীলংকাৰ বিৰুদ্ধে। এই মেচখনত যিটো দলেই জয় লাভ কৰিব সেই দলেই প্ৰৱেশ কৰিব ফাইনেলত। ইতিমধ্যে শ্ৰীলংকাক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰত।

উল্লেখ্য যে, পাকিস্তানে ভাৰতৰ বিৰুদ্ধে খেলা মেচখনত ২২৮ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত হৈছিল। দেওঁবাৰে বৰষুণৰ বাবে স্থগিত ৰাখিবলৈ বাধ্য হোৱা মেচখন সোমবাৰে পুনৰ অনুষ্ঠিত হৈছিল।

সেই দিনাই ৪৯ অভাৰত বলিং কৰাৰ সময়তে কান্ধত আঘাত পাইছিল নাশ্বিম শ্বাহে। কান্ধৰ আঘাতৰ বাবেই তেওঁ সেই অভাৰটো সম্পূৰ্ণ কৰিবলৈও নোৱাৰিলে। সেই আঘাতৰ বাবেই তেওঁ পৰৱৰ্তী সময়ত বেটিং কৰিবলৈও খেল পথাৰলৈ নাহিল।

নাশ্বিম শ্বাহৰ দৰে অতি গুৰুত্বপূৰ্ণ এগৰাকী বলাৰ এইদৰে আঘাতৰ সন্মুখীন হোৱাত এতিয়া বিপদত পৰিছে পাকিস্তান। ইফালে জপনা মুখত আই চি চি এদিনীয়া ক্ৰিকেট বিশ্বকাপ

গতিকে এনে প্ৰেক্ষাপটত পাকিস্তানী দলটোৰ বাবে নাশ্বিম শ্বাহৰ আঘাত কেৱল এছিয়া কাপৰ বাবেই নহয় বিশ্বকাপৰ বাবেও চিন্তনীয় হৈ পৰিছে। ইফালে আন এগৰাকী পাকিস্তানী বলাৰ হাৰিছ ৰউফো আঘাতৰ সমস্যাত ভূগি আছে।

অৱশ্যে তেওঁ আঘাতৰ সমস্যাত ভূগি থাকিলেও তেওঁক এছিয়া কাপৰ পৰৱৰ্তী মেচখনৰ বাবে দলত স্থান দিছে পাক দলটোৰ দলীয় মেনেজমেণ্টে। এইগৰাকী পাক বলাৰে ভাৰতৰ বিৰুদ্ধে দেওবাৰে ৫ অভাৰ বলিং কৰিছিল যদিও সোমবাৰৰ মেচত খেল পথাৰত নমাৰ পৰা বিৰত আছিল।

পাক ক্ৰিকেট ব’ৰ্ডে এক বিজ্ঞপ্তিৰ জৰিয়তে হাৰিছ ৰউফে দ্ৰুত গতিত আৰোগ্য লাভ কৰাৰ বাবে তেওঁক পুনৰ দলত স্থান দিয়া হৈছে বুলি ঘোষণা কৰিছে।