ক্রীড়া-জগত

অন্ধ্ৰপ্ৰদেশৰ হাতত পৰাস্ত অসম

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰঞ্জী ট্ৰফীৰ এখন গুৰুত্বপূৰ্ণ মেচত নিৰ্লজ্জ আত্মসমৰ্পণ অসম ক্ৰিকেট দলৰ। অন্ধ্ৰপ্ৰদেশৰ হাতত এক ইনিংছ ৯৫ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত হয় অসম।

অসমৰ দুয়োটা ইনিংছতে যেন খেলুৱৈসকলৰ মাজত চলিল পেভিলিয়নমুখী হোৱাৰ প্ৰতিযোগিতা। অন্ধ্ৰপ্ৰদেশৰ বিধ্বংসী বলিংৰ সন্মুখত তাচপাতৰ দৰে খহিল অসমৰ বেটিং লাইন। প্ৰথম ইনিংছত অসমে আটাইকেইটা উইকেট হেৰুৱাই ১১৩ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দ্বিতীয় ইনিংছতো আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১৫৩ সংগ্ৰহ কৰে।

উল্লেখ্য যে অন্ধ্ৰপ্ৰদেশে প্ৰথম ইনিংছতে ৩৬১ ৰান সংগ্ৰহ কৰে। মেচখনত অসমৰ কোনো এগৰাকী বেটছমেন যুঁজাৰু মানসিকতাৰে দলৰ ইনিংছ আগুৱাই নিব নোৱাৰিলে। নাহিল কোনো এগৰাকীৰ পৰা অৰ্ধশতকীয় ইনিংছ।

তাৰ বিপৰীতে অন্ধ্ৰপ্ৰদেশৰ ৩গৰাকীকৈ বেটাৰে অৰ্ধশতক অৰ্জন কৰি অসমৰ বলিং বিভাগৰ স্বৰূপ উদঙাই দিয়ে। অৱশ্যে তাৰ মাজতে অসমৰ স্বৰূপম পুৰকায়স্থই ৪টা উইকেট নিজৰ দখললৈ আনে।