ক্রীড়া-জগত

৪১ বছৰ বয়সতো একেই উদ্দীপনা গ'ল দিবৰ বাবে, ছিৰিজ এৰ বৰ্ষীয়ান গ'লদাতাৰূপে পৰিচিত হ'ল ইব্ৰাহিম'ভিক

Asomiya Pratidin

ডিজিটেল ডেস্ক : জ্লাটান ইব্ৰাহিম'ভিক ফুটবলপ্ৰেমী সকলৰ বাবে নতুন নাম নহয় । ছুইডেনৰ জনপ্ৰিয় ফুটবলাৰ গৰাকীয়ে ইটালীৰ এ ছি মিলানৰ হৈ বৰ্তমান ষ্ট্ৰাইকাৰূপে খেলে । ফুটবলৰ দৰে এক উত্তেজনাময় খেলত সাধাৰণতেই ৩০ উৰ্ধৰ খেলুৱৈসকলে অৱসৰ গ্ৰহণৰ কথা চিন্তা কৰে । ২০ ৰ পৰা ৩০ বছৰ বয়সৰ ভিতৰতেই যেন সকলো ধৰণৰ কলা কৌশল লুকুৱাই ৰাখে খেলপথাৰৰ বাবে । অৱশ্যে এই চিন্তা ধাৰা বৰ্তমান সলনি হৈছে । আৰু ইয়াৰ মূলতে থকা খেলুৱৈ সকলৰ অন্যতম হৈছে জ্লাটান ইব্ৰাহিম'ভিকৰ দৰে খেলুৱৈ যি ৪০ৰ দেওনা পাৰ হোৱাৰ পাছতো একেই উদ্যমেৰে খেলি গৈছে ফুটবল ।

শনিবাৰে নিশা চিৰিজ এ ৰ এক খেলত এ ছি মিলানৰ হৈ ইউডিনিজৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল জ্লাটান । খেলখনত পৰাস্ত হ'লেও জ্লাটানে গ'ল দিয়াৰ লগে লগেই ছিৰিজ এৰ বৰ্ষীয়ান গ'লদাতাৰূপে স্বীকৃতি লাভ কৰে খেলুৱৈ গৰাকীয়ে ।

উল্লেখ্য যে, ইব্ৰাহিম'ভিক কেৱল খেলপথাৰতেই নহয় বৰং নিজস্ব শৈলীৰে খেলপথাৰৰ বাহিৰতো সমানেই জনপ্ৰিয় । আক্ৰমণাত্মক মানসিকতা, শক্তিশালী শ্বট আৰু ভ'লীৰ সহায়েৰে দিয়া গ'লসমূহ এক অনুপম দৃশ্য, উপভোগ কৰিবলৈ । আনহাতে খেলুৱৈগৰাকীৰ প্ৰায় ২৭ মিটাৰ দূৰত্বৰ পৰা লোৱা বিখ্যাত বাইচাইকেল কিকটো সকলোৰে চকুৰ সন্মুখত এতিয়াও ভাঁহি উঠে ইব্ৰাহিম'ভিকৰ নাম শুনিলেই ।

সেই গৰাকী খেলুৱৈয়ে সদায়েই নিজস্ব শৈলীৰে খেলি সৃষ্টি কৰিলে অন্য এক ধাৰা । যি ধাৰাৰ দৌৰত নাই আন কোনো খেলুৱৈ । কিয়নো কাৰো পক্ষে সম্ভৱেই নহয় খেলুৱৈগৰাকীয়ে স্পৰ্শ কৰা সাফল্যৰ পিছত দৌৰিবলৈ ।