বিশেষ প্ৰতিবেদন

আমোল মোল শেৱালিৰ গোন্ধত শৰতৰ আগমন

Asomiya Pratidin
ঋতুৰ সমান্তৰালভাৱে প্ৰকৃতিয়ে সলাই বৰণ। প্ৰতিটো ঋতুতে ধৰা দিয়া প্ৰকৃতিৰ ভিন্ন ৰূপে মনপ্রাণ জুৰাই মানুহক। ঋতুবোৰেই সন্ধান দিয়ে সৃষ্টিৰ ন-দুৱাৰৰ। এতিয়া ধৰালৈ শৰৎ নামিছে। অসমৰ গাঁওবোৰত শৰতৰ সুৱাসে আৱৰি ধৰিছে। মেঘৰ মাদলৰ লগে লগে উদং পথাৰত সপোন সিঁচা গঞাৰ বুকুত সেউজীয়াই ছানি ধৰিছে। লশ্মিতা শইকীয়াৰ দ্বাৰা ধৰি ৰখা আহিনৰ ছবি আৰু শব্দৰ সংযোজনেৰে অসমীয়া প্ৰতিদিন ডিজিটেলত শৰতৰ এটা দিনৰ উপস্থাপন...

-ওলাওঁ নোলাওঁকৈ ডাৱৰৰ আৱৰণ ফালি পূব আকাশত হেঙুলীয়া বেলিটোৱে ধৰা দিয়ে। পাতে ভৰপূৰ হৈ থকা গছজোপাৰ কাষতে দুই এমাহ পূৰ্বে বাৰিষাৰ বজ্ৰপাত লাগি মৰো-জীওকৈ থকা গছজোপাই যেন বাধা দিব খুজে বেলিটোক। পাৰি জানো প্ৰকৃতিৰ নিয়মক সলনি কৰিব ? মানুহৰ দৰেটো এলাহৰ বাবে কাহানিও ৰৈ নাযায় পোহৰ-আন্ধাৰ কিম্বা বেলি-জোন। নিয়ৰৰ ফেঁহুজালি ফালি সেউজীয়া পথাৰ চুমি ন-দিনৰ সন্ধানেৰে আশাৰ বতৰালৈ শুকুলা মেঘৰ ছাঁতেই আৰম্ভ হয় আহিনৰ দিনবোৰ।

Photography by Lashmita Saikia

গাঁৱত এতিয়া পাতলীয়া কুঁৱলী পৰিছে। পুৱাই পদূলিয়ে পদূলিয়ে শাৰদীয় সুগন্ধি বিলোৱাত ব্যস্ত শেৱালিজোপাও।

কোনো এঘৰৰ নঙলামুখৰ দূবৰিডৰাত বকুলফুলৰ বগা দলিচা এখনো পৰে।

পথাৰত ঠন ধৰিব খোজা পাতবোৰত বিৰিঙি উঠে নিয়ৰৰ টোপাল।

বাৰিষাক বিদায় দিবলৈ লোৱা পুখুৰীটোৰ শেহতীয়া ভেঁটপাহেও আমেজ লয় শাৰদীয় কোমল শীতলতাৰ। হেৰাই যাওঁ যাওঁকৈ থকা ৰেডিঅ' এটাৰ পৰা পুৱাবোৰত ভাঁহি আহে পুৰণি গীতৰ সুৰ।

বেলিটোৱে মূৰৰ ওপৰলৈ গতি কৰাৰ লগে লগে ব্যস্ততা বাঢ়ে জীৱকূলৰ। জীয়াই থকাৰ তাড়নাতেই খাদ্যৰ সন্ধানত মানুহকে আদি কৰি ভোমোৰা-মৌয়েও বিচাৰে আহাৰৰ সন্ধান। সতেজ-উজ্বল হৈ ফুলিব ধৰা ফুলপাহত চকু পৰি চুমি যায় মৌ-পখিলাই।

খুঁটা এটাত পৰি ক্ষীণ ৰ'দৰ উম এটাত ডুব যায় কোনোজনী চৰাইয়ে।

শীতৰ সেমেকা পুৱাৰ অনুভৱ এটাৰে বাটৰুৱাইও ভিৰ কৰিব ধৰে অলিয়ে-গলিয়ে।

ৰ'দৰ জিলিঙনিত খিলখিলনি বাঢ়ে বনৰীয়া ফুলজাকৰো।

এইদৰে আৰম্ভ হয় শাৰদীয় দিনবোৰ। দুপৰৰ মুখে আগুৱাই যোৱাৰ লগে লগে ভিৰত হেৰাই যায় মানুহবোৰ-পখীবোৰ-জন্তুবোৰ।

হুলস্থূলীয়া পৰিৱেশ এটা সৃষ্টি কৰি বিদ্যালয়বোৰৰ পৰাও ভাঁহি আহে চিঞৰি চিঞৰি কৰা পাঠগ্ৰহণৰ আখৰা। পূব আকাশৰ পোহৰেও মূৰৰ ওপৰ পাই কাঢ়াহৈ ধৰা দিয়ে। বতাহত হালি-জালি থকা কঁহুৱাবোৰৰ সৈতে প্ৰতিযোগিতাত নামিব খোজে শুকুলা ডাৱৰবোৰ। বিৰক্তি কঢ়িয়াই ভৰ দুপৰীয়া চাহ বাগিচাৰ সংকেতৰ ধ্বনি ভাঁহি পৰে গাঁওবোৰত।

লাহেকৈ পশ্চিমৰ দিশে গতি কৰে বেলিয়ে। কঁপালত লৈ যোৱা বেলিটো পিঠিত লৈ উভতা আদহীয়া ব্যক্তিজনৰ সৈতে ৰজিতা খোৱাই জাকে জাকে পখীও ঘৰমুৱা হয়।

পখীৰ কিৰিলিৰ সমান্তৰাল ভাৱে খেলপথাৰত আখৰা কৰা ডেকাচামৰ কিৰিলি এটাইয়ো ৰিণিকি ৰিণিকি আৱৰি ধৰে আবেলিটোক।

কণমানি এজাকৰ হিলৈ খেলৰ চিঞৰো ভাঁহি আহে আহিনৰ বতাহত।

হেঙুলীয়া আশাৰে আৰম্ভ হোৱা দিনটোক সেই একেই এমুঠি প্ৰাপ্তি-অপ্ৰাপ্তিৰ হেঙুলীয়াই সামৰি থোৱা যায়। ৰামধেনুৰ সাতোৰোঙীয়ে কঢ়িয়াই আনে অস্তৰ বতৰা।

নাৱৰীয়াইও পোৱা-নোপোৱাৰ হিচাব সামৰি ভিৰ কৰে নদীৰ ঘাটত।

দিনটোৰ এমুঠি কষ্টৰ যৱনিকা পেলাই বেলিৰ আঁৰত অকণমান জিৰণি লয় কোনোজনী পক্ষীয়ে।

তেনেতেই ক্ষীণ পোহৰ এটাত ধৰা দিয়ে কাঁচি জোনটিয়ে।

এইবোৰ গাঁৱৰ ছবি। আহিনৰ ছবি। শৰতৰ ছবি। গাঁৱত এইদৰেই পাৰ হয় শাৰদীয় দিনবোৰ। শৰতত কুঁৱলীৰ ক্ষীণ আৱৰণেৰে ছানি ধৰে গাঁওবোৰক। পিছদিনা একেই আৱৰণেৰে কুঁৱলীৰ ফেঁহুজালি ফালি পূব আকাশত ধৰা দিয়ে বেলিটোৱে, সেই একেই সুৰেৰে গাঁৱৰ এচুকত পুৰণি ৰেডিঅ' এটাৰ পৰা ভাঁহি আহে আমোল মোল শেৱালিৰ গোন্ধ, যাওঁ বুলি যাবই নোখোজে চোন...