ছয়মাইলত উৰণীয়া সেতুৰ ওপৰত কাঠৰ দলং কিয়?
ছয়মাইলত উৰণীয়া সেতুৰ ওপৰত কাঠৰ দলং কিয়?  
বিশেষ প্ৰতিবেদন

ছয়মাইলত উৰণীয়া সেতুৰ ওপৰত কাঠৰ দলং কিয়?

Asomiya Pratidin
গুৱাহাটী স্মাৰ্ট হ'ল। আলোকসজ্জা, উৰণীয়ে সেতু, পদপথ আদিৰে ৰং চঙীয়া হৈ উঠে মহানগৰ। কিন্তু গুৱাহাটীত এনে কিছু কামো কৰিবলগীয়া হয় যিবোৰ দেখি মহানগৰবাসীৰ মনত প্ৰশ্ন হয়- এইবোৰ কিয়? উৰণীয়া সেতুৰ ওপৰত আকৌ এখন দলং ! এইবাৰ কংক্ৰিট নহয়, কাঠৰ দলং। কিয় এই দলং নিৰ্মাণ কৰিবলগীয়া হৈছে? অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন।

মহানগৰীত বাটে পথে এতিয়া উৰণীয়া সেতু। জুৰোড, মালিগাওঁ আদিত উৰণীয়া সেতু নিৰ্মাণৰ কাম চলি আছে। কেইবাখনো নতুন উৰণীয়া সেতুৰ নিৰ্মাণৰ অন্তত ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়া হৈছে। আপুনি যদি গণেশগুৰি দিশৰ পৰা খানাপাৰালৈ যায় তেনে ছয়মাইলৰ উৰণীয়া সেতুৰ ওপৰেৰে অহা, যোৱা কৰিছে।

সেই উৰণীয়া সেতুখনৰ নিৰ্মাণৰ কাম ২০০৯ চনত আৰম্ভ কৰা হৈছিল। তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত নিৰ্মাণ আৰম্ভ কৰা উৰণীয়া সেতুখনৰ নিৰ্মাণ পৰ্ব ২০১৩ চনৰ প্ৰথম ভাগত সম্পূৰ্ণ হৈছিল।

চিনটেক্স নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰা উৰণীয়া সেতুখনৰ নিৰ্মাণ ব্যয় প্ৰায় ৪০ কোটি আছিল। মাত্ৰ ১০ বছৰ হৈছে এই উৰণীয়া সেতুখনৰ। এতিয়া সেই উৰণীয়া সেতুৰ ওপৰেৰে গ'লে উৰণীয়া সেতুখনৰ মাজ ভাগত নিৰ্মাণ কৰা হৈছে ৪ খনকৈ কাঠৰ দলং।

গৌতম কনষ্ট্ৰাকশ্যনে নিৰ্মাণ কৰিছে এই কাঠৰ দলং কেইখন। যি কেইখন দলং উৰণীয়া সেতুৰ ওপৰত নিৰ্মাণ কৰা হৈছে, সেই দলং কেইখন অতি বিপদজনক। কিয়নো দলং কেইখনৰ দুয়োকাষে নাই শক্তিশালী ৰেলিং।

১০ বছৰতে নিৰ্মাণত খুঁত ওলোৱাত এইদৰে এতিয়া দলঙৰ ওপৰত দলং নিৰ্মাণ কৰিবলগীয়া অৱস্থা হৈছে। উৰণীয়া সেতুখনৰ কেইবাস্থানটো বৃৃহৎ ফাঁট মেলাত সেইবোৰ নিৰ্মাণ কৰিবলৈ এই পদ্ধতিৰ সহায় লৈছে লোক নিৰ্মাণ বিভাগে।

প্ৰশ্ন হয়, ৰাইজৰ ধন ব্যয়ৰে নিৰ্মাণ কৰা এই উৰণীয়া সেতুবোৰৰ মান কিয় ইমান নিম্নগামী হ'ল? ইয়াৰ বাবে ৰাজ্য চৰকাৰ বা লোকনিৰ্মাণ বিভাগে জবাবদিহী কৰিছেনে সংশ্লিষ্ট নিৰ্মাণ প্ৰতিষ্ঠানটোক?

মহানগৰীত নতুনকৈ নিৰ্মাণ কৰা উৰণীয়া সেতুবোৰ কিমান কম দিনৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰিব পাৰি তাৰ প্ৰতিযোগিতা চলিছে। ছয়মাইলৰ সেতুৰ দৰে এইবোৰ সেতুৰ অৱস্থা একেই নহ'ব বুলি কোনোৱে নিশ্চয়তা দিব নোৱাৰে।

উৰণীয়া সেতুৰ ওপৰত কাঠৰ দলং সাজি নিৰ্মাণৰ বিসংগতি দূৰ কৰিবলৈ ৰাজকোষৰ পৰাই বৃহৎ ধনৰ ব্যয় হ'ব আকৌ। ছয়মাইলৰ এই উৰণীয়া সেতুখন অত্যন্ত গুৰুত্বপূৰ্ণ। উৰণীয়া সেতুখনৰ এটা ভাগ পাঞ্জাবাৰী দিশে নামি গৈছে।

সেই ভাগটোত ইতিমধ্যে যানবাহনৰ চলাচল বন্ধ কৰি ৰখা হৈছে। লোক নিৰ্মাণ বিভাগে বিষয়টো গুৰুত্বসহকাৰে নল'লে ছয়মাইলৰ উৰণীয়া সেতুৰ ওপৰত নিৰ্মাণ কৰা কাঠৰ দলং কেইখনে বিপদ মাতি অনাৰ পূৰ্ণ শংকা আছে।