NSCN (IM)ক মূল সূঁতিলৈ আনি আলফাক গুৰুত্বহীন কৰাৰ লক্ষ্য কেন্দ্ৰৰ !
NSCN (IM)ক মূল সূঁতিলৈ আনি আলফাক গুৰুত্বহীন কৰাৰ লক্ষ্য কেন্দ্ৰৰ ! 
বিশেষ প্ৰতিবেদন

NSCN (IM)ক মূল সূঁতিলৈ আনি আলফাক গুৰুত্বহীন কৰাৰ লক্ষ্য কেন্দ্ৰৰ !

Asomiya Pratidin
চৰ্চাত আছে শান্তি চুক্তিৰ বিষয়। কেন্দ্ৰীয় চৰকাৰ ২০২৪ ৰ পূৰ্বে NSCN(IM)ৰ সৈতে সম্পাদিত কৰিব শান্তি চুক্তি। তীব্ৰ গতিত চলিছে আলোচনা। কিন্তু আলফাৰে এই শান্তি চুক্তি কেতিয়া? ২০২৪ ৰ নিৰ্বাচনৰ পূৰ্বে মূল সূঁতিলৈ ঘূৰি আহিবনে আলফা? এই সন্দৰ্ভত তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন। ATTRIBUTION

উত্তৰ পূৰ্বাঞ্চলৰ দুই বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম) আৰু সংযুক্ত মুক্তি বাহিনী অসমৰ মাজৰ বহু চৰ্চিত শান্তি চুক্তিলৈ আৰু কিমানদূৰ? ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী গোটৰ মাজত শান্তি চুক্তিৰ জৰিয়তে এই অঞ্চলটোত শান্তি ঘূৰাই আনিবলৈ কেন্দ্ৰই ককালত টঙালি বান্ধিছে যদিও কেন্দ্ৰৰ এই প্ৰচেষ্টাক লৈ প্ৰশ্নৰো অৱতাৰণা হৈছে।

বিশেষকৈ শান্তি চুক্তিৰ প্ৰতি তেওঁলোকৰ সদিচ্ছাক লৈ প্ৰশ্ন উত্থাপন হৈছে। উত্তৰ পূৰ্বাঞ্চল তথা দক্ষিণ এছিয়াৰে অন্যতম শক্তিশালী বিদ্ৰোহী সংগঠন আলফাৰ সৈতে কেন্দ্ৰৰ শান্তি আলোচনা বিষয়টোৱে চৰ্চা লাভ কৰি আহিছে যদিও কেন্দ্ৰৰ ইয়াৰ প্ৰতি আগ্ৰহৰ অভাৱ পৰিলক্ষিত হৈছে।

আলফাৰ আলোচনাপন্থী গোটৰ সৈতে কেন্দ্ৰই দীৰ্ঘ সময় ধৰি আলোচনা চলাই আহিছে যদিও এই আলোচনা প্ৰক্ৰিয়াত দেখা পোৱা নাই আন্তৰিকতা। কেৱল নিয়ম মাফিক আলোচনাৰ মাজতেই সীমাবদ্ধ হৈ আছে গোটেই প্ৰক্ৰিয়াটো।

কিন্তু ইয়াৰ বিপৰীতে চুবুৰীয়া নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)ৰ সৈতে যিকোনো পৰিস্থিতিতে শান্তি চুক্তি কৰিবলৈ উঠিপৰি লাগিছে কেন্দ্ৰ। অৱশ্যে এই শান্তি চুক্তিত হেঙাৰ হিচাপে থিয় দিছে ৩ টা চৰ্তই। এন এছ চি এন (আই এম)-ৰ শান্তি চুক্তিৰ এই ৩ টা চৰ্ত হৈছে সুকীয়া পতাকা, সংবিধান আৰু গ্ৰেটাৰ নাগালেণ্ড। এই ৩ টা চৰ্ততে উলমি আছে এই প্ৰক্ৰিয়াটো।

উল্লেখ্য যে, নাগালেণ্ডক কেন্দ্ৰ কৰিয়েই উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী গোটসমূহে সন্ত্ৰাসমূলক কাৰ্যকলাপ চলাই অহাৰ লগতে নাগালেণ্ডক এক কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। নাগালেণ্ডৰ মাজেৰে এই অঞ্চলটোৰ বিদ্ৰোহী গোটসমূহে ম্যানমাৰকে ধৰি দক্ষিণ পূৱ এছিয়াৰ দেশসমূহলৈ যাত্ৰা কৰি নিজা ঘাটি তৈয়াৰ কৰি লৈছে।

আৰু এই গোটসমূহক সকলো ধৰণে সহায়, সহযোগিতা কৰি আহিছে এন এছ চি এনে। সেয়ে কেন্দ্ৰই এন এছ চি এনক মূল সূতিলৈ ঘূৰাই আনিবলৈ পাৰিলেই এই অঞ্চলটোৰ আন আন বিদ্ৰোহী গোটসমূহৰো শান্তি প্ৰক্ৰিয়ালৈ অহাৰ বাদে বিকল্প একো নাথাকিব।

পৰেশ অসমৰ নেতৃত্বাধীন আলফা স্বাধীনো এন এছ চি এন অবিহনে বিপদত পৰাটো প্ৰায় নিশ্চিত। সেয়ে কেন্দ্ৰই আলফাৰ পৰিৱৰ্তে এন এছ চি এন (আই এম)ৰ সৈতে শান্তি চুক্তিৰ প্ৰক্ৰিয়াটোক অধিক ত্বৰাম্বিত কৰি তোলাত মনোনিবেশ কৰিছে।

ইতিমধ্যে এই সংগঠনটোৰ সৈতে ভাৰত চৰকাৰৰ যোৱা ২৩ আগষ্টত দিল্লীত এক বৈঠক অনুষ্ঠিত হৈ যায়। এই বৈঠকৰ মূল বিষয় আছিল নাগা পতাকা। অৱশ্যে সেই বৈঠক সফল নহ'ল।

কিন্তু ২৫ আগষ্ট শুকুৰবাৰে ভাৰত চৰকাৰে এন এছ চি এনৰ এই চৰ্তৰ আলোচনা সমাপ্ত কৰি এটা সিদ্ধান্তত উপনীত হোৱাৰ কথা। আজিৰ এই বৈঠকত এন এছ চি এনৰ নেতৃত্বৰ লগতে মধ্যস্থতাকাৰী এ কে মিশ্ৰও উপস্থিত থাকিব।  

ইফালে ২০১৫ চনৰ ৩ আগষ্টত নাগা ফ্ৰেমৱৰ্ক চুক্তি হৈছিল যদিও সেই চুক্তিৰ অন্যতম অংশ গ্ৰেটাৰ নাগালিম আজিও গঠন নহ'ল। সেয়ে সংগঠনটোৱে গ্ৰেটাৰ নাগালিম গঠনৰ ওপৰত হেঁচা দিয়াৰ চেষ্টা কৰিছে।

কিন্তু গ্ৰেটাৰ নাগালিম গঠনে চুবুৰীয়া অন্যান্য ৰাজ্যত সৃষ্টি কৰিব পৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰিয়েই গ্ৰেটাৰ নাগালিমৰ বিপৰীতে কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণাৰ হে পক্ষপাত কৰিছে। আনহাতে পৃথক সংবিধানৰ বিষয়টোক লৈও এই পৰ্যন্ত কোনো সিদ্ধান্তত উপনীত হ'ব পৰা কেন্দ্ৰ আৰু এন এছ চি এন।

তথাপিও ২০২৪ ৰ পূৰ্বে কেন্দ্ৰই যিকোনো পৰিস্থিতি এন এছ চি এন (আই এম)ৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছে। কিন্তু ইয়াৰ বিপৰীতে গেথেলা মাৰিছে আলফা আৰু কেন্দ্ৰৰ শান্তি চুক্তি।

কেন্দ্ৰই আলফাৰ সৈতে শান্তি আলোচনা কৰিবলৈ কিমান আগ্ৰহী সেয়া সংগঠনটোৰ সৈতে বিগত সময়ছোৱাত বহা আলোচনা বোৰলৈ লক্ষ্য কৰিলেই অনুমান কৰিব পাৰি। ইফালে আলফাৰ নেতৃত্বয়ো বুজি উঠিছে বহু কথা। যাৰ বাবে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই কেন্দ্ৰৰ ওচৰত প্ৰায় নেগুৰ পেলোৱাৰ দৰে বক্তব্য প্ৰদান কৰিছে। lতেওঁ শান্তি আলোচনাৰ বাবে কেন্দ্ৰক বাধ্য কৰোৱাৰ পৰিৱৰ্তে কেন্দ্ৰই বিচৰা ধৰেণেহে শান্তি আলোচনা আগবঢ়াই নিয়াতেই যেন আগ্ৰহী হৈ পৰিছে।

তেওঁ শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয়, আলফা (স্বাধীন)ৰ সমস্যা সমাধান ৰাজনৈতিক আলোচনাৰ মাধ্যমেৰেহে সফল হ'ব, সশস্ত্ৰ মাধ্যমেৰে নহয়। ইয়াৰ উদাহৰণ হিচাপে তেওঁ নাগা বিদ্ৰোহীসকলৰ কথাও উল্লেখ কৰিছে।

তেওঁ কয়, বিশ্বৰ ভিতৰতে চতুৰ্থ বৃহৎ সেনা বাহিনী ভাৰতীয় সেনাৰ সৈতে বিদ্ৰোহী গোটসমূহে বিদ্ৰোহ ঘোষণা কৰি বিজয় সাব্যস্ত কৰাটো অবাস্তৱ কথা। অনুপ চেতিয়াৰ এই মন্তব্যৰ পৰাই বহু কথা স্পষ্ট হয়।

ইফালে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আলফা আৰু কেন্দ্ৰৰ মাজৰ শান্তি আলোচনা বিষয়টো সঠিক দিশে আগবাঢ়িছে বুলি মন্তব্য কৰিছে। এই আলোচনা গঠনমূলক আৰু এই আলোচনাই অসমলৈ শান্তি ঘূৰাই আনিব বুলিও আশা কৰিছে।

তেওঁৰ মতে আলফাৰ অন্যতম দাবী খিলঞ্জীয়াৰ সুৰক্ষা বিষয়টো সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে ইতিমধ্যে সমাধান কৰিছে। তেওঁ আলফা আৰু কেন্দ্ৰৰ মাজৰ শান্তি আলোচনাৰ মেজলৈ শীঘ্ৰেই পৰেশ বৰুৱা আহিব বুলিও আশা প্ৰকাশ কৰিছে।