বিশেষ প্ৰতিবেদন

জুইত অতীত হৈ যোৱা ২৫০ বছৰীয়া যোৰহাটৰ চক বজাৰখন...

Asomiya Pratidin

অতীত হ'ল এখন ঐতিহ্যমণ্ডিত বজাৰ। মূহুৰ্তৰ ভিতৰতে ছাইত পৰিণত হ'ল যোৰহাটৰ চ'ক বজাৰ। আহোম ৰাজত্ব কালৰ পৰাই এই চ'ক বজাৰ চলি আহিছিল। সেই ঐতিহ্যপূৰ্ণ বজাৰখন পুৰি ছাই হোৱাৰ পাছত এতিয়া সকলোবোৰ মাঁথো স্মৃতি হৈ ৰ'ল। অসমীয়া প্ৰতিদিন ডিজিটেলৰ চ'ক বজাৰ সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন-

ধোঁৱা আৰু ছাই সন্মুখত লৈ অগনন মানুহে চকুপানী টুকিছে। জুইৰ লেলিহান শিখাই ১৬ ফেব্ৰুৱাৰী নিশা প্ৰায় ৯.৩০ বজাত আৱৰি ধৰিছিল এই পৰিচিত বজাৰ খনক। পুৰণা চিভিলৰ সমীপত থকা চক বজাৰ খনলৈ কোন নহাকৈ থাকে যোৰহাটত।

গেলামালৰ বস্তু লাগে, চ'ক বজাৰলৈ গ'লে পাবই। উৎসৱ পাৰ্বন আহিলে কাপোৰ কিনিবলৈ মানুহে ভিৰ কৰেহি চ'ক বজাৰত। ফল মূল লাগে, চ'ক বজাৰলৈ গ'লে হ'ল। বেজী, কাপোৰৰ পৰা আৰম্ভ কৰি সকলোবোৰ সামগ্ৰী পোৱা স্থান আছিল চ'ক বজাৰ।

এইখন কেৱল এখন বজাৰেই নহয়, এইখন এক ইতিহাস গৰকা স্থান। সমীপতে আছে আহোম ৰজাৰ তোৰন। ১৭৯৪ খ্ৰীষ্টাব্দত গৌৰীনাথ সিংহই যোৰহাটলৈ ৰাজধানী তুলি আনিছিল ৰংপুৰৰ পৰা।

এতিয়া চ'ক বজাৰ থকা ঠাইতেই তাত পূৰ্বৰ পৰাই আছিল এখন হাট। বহু ব্যৱসায়ী আহি সেই স্থানতেই হাট মেলিছিল। মহম্মদ ইদ্দিছ মিঞা এই বজাৰত দোকান দিয়া এজন পুৰণি ব্যৱসায়ী। তেতিয়া হয়তো নাম চ'ক বজাৰ নাছিল। কিন্তু বজাৰ খন আছিল।

অসমীয়া ব্যৱসায়ীয়েও সেই বজাৰত দোকান খুলিছিল। গংগাধৰ বৰকটকীয়ে ১৮৩৮ চনতেই চ'ক বজাৰত বেপাৰ আৰম্ভ কৰিছিল।সেই চ'ক বজাৰতেই শ্বৰ্ট ছাৰ্কিটৰ ফলত ৩০০ ৰো অধিক দোকান ছাই হৈ গ'ল নিশাটোৰ ভিতৰত।

পিছফালে কিছু পকী ঘৰ আছিল যদিও মূল বজাৰখন টীন আৰু কাঠেৰে সজা। ১৯৭৬ চনত আন এক অগ্নিকাণ্ড সংঘটিত হৈছিল চ'ক বজাৰত। তাৰ পাছতেই সেই ঘৰবোৰ বনোৱা হৈছিল। পিছফালে নিৰ্মাণ কৰি থকা হৈছিল পকীকৈ মাছৰ বজাৰখন।

চ'ক বজাৰৰ ২০ শতাংশ মান ঘৰহে পকী। নিৰ্মল চাৰিআলিৰ থকা এই চক বজাৰখনৰ ৩০০ৰো অধিক দোকান জুইত জাহ গৈছে। জুই নুমুৱাবলৈ যোৰহাটত থকা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ উপৰিও গোলাঘাট, তিতাবৰ, শিৱসাগৰৰ পৰা অগ্নিনিৰ্বাপক গাড়ী আনিব লগা হৈছিল।

বিয়লি ৪.৩০ মান বজাতেই জুই নিৰ্বাপিত হয়। অতি ব্যস্ত সেই বজাৰখনত এতিয়া ব্যৱসায়ী সকলৰ উচুপনি। সকলো হেৰুৱাই তেওঁলোক ভাগি পৰিছে। তাত দোকান নথকা লোকসকলৰো অন্তৰআত্মা কান্দি উঠিছে।

এতিয়ালৈকে ক্ষয়-ক্ষতিৰ হিচাপ কৰা নাই প্ৰশাসনে। কিন্তু সেই হিচাপ কেইবা কোটি হ'ব সেয়া নিশ্চিত। হয়তো প্ৰশাসনে তাত পুনৰ ঘৰ সাজি ব্যৱসায়ীত সংস্থাপিত কৰিব। কিন্তু নাথাকিব সেই চ'ক বজাৰৰ ঐতিহ্য। এনেকৈয়ে পাহৰণিৰ গৰ্ভত অতীত হৈ গ'ল ২৫০ বছৰৰো পুৰণি এখন বজাৰ।

চ'ক বজাৰ যোৰহাটৰ ৰাইজৰ বাবে আছিল আৱেগ। সেই আৱেগৰ বাবেই সকলোৱে দৌৰিছে চ'ক বজাৰলৈ। দোকান-পোহাৰবোৰ নাথাকিলেও পুৰণি বজাৰখনৰ ঘৰবোৰৰ ছাই আৰু ধোঁৱাৰ মাজতেই ব্যস্ততাপূৰ্ণ সেই বজাৰখনৰ ছবিয়ে মনত আগা ভেটা কৰিছে তেওঁলোকৰ।

আৰু পঢ়ক: সাৱধান! দ্যা ইউনিয়ন ক'পাৰেটিভ বেংকত সাঁচতীয়া ধন থৈছিল নেকি?