দেশত নাই সংস্থাপনৰ বাটঃ বিদেশলৈ গৈ  কৰিছে যুদ্ধ...
দেশত নাই সংস্থাপনৰ বাটঃ বিদেশলৈ গৈ কৰিছে যুদ্ধ... 
বিশেষ প্ৰতিবেদন

দেশত নাই সংস্থাপনৰ বাটঃ বিদেশলৈ গৈ কৰিছে যুদ্ধ...

Asomiya Pratidin
দেশত নাই সংস্থাপন। বিদেশলৈ গৈ চাকৰি কৰাৰ আশাত বন্দী হাজাৰ হাজাৰ নিবনুৱা। তাৰ মাজতে একাংশ দুষ্ট চক্ৰই মেলিছে জাল। সংস্থাপন দিয়াৰ নামত নিয়োগ কৰিছে যুদ্ধত। বহিঃ ৰাষ্ট্ৰত গৈ ভাৰতৰ নিবনুৱাই কৰিছে যুদ্ধ। এই সন্দৰ্ভত তুষাৰ প্ৰতিমৰ এক প্ৰতিবেদন।

দেশত বৃদ্ধি পোৱা নিবনুৱা সমস্যা, উপযুক্ত সংস্থাপনহীনতাৰ বাবে বহু যুৱক-যুৱতীয়ে দেশ এৰি বিদেশলৈ যাত্ৰা আৰম্ভ কৰিছে। ভাৰতত সৃষ্টি হোৱা সংস্থাপনহীন পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰিছে একাধিক বিদেশী ৰাষ্ট্ৰই। এই ৰাষ্ট্ৰসমূহে নিয়োগ কৰা একাংশ এজেণ্টৰ চিকাৰ হৈছে নিবনুৱা, কৰ্মহীন লোকসকল।

সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন ধৰণে বিদেশত সহজে অধিক ধন লাভৰ চাকৰি দিয়াৰ কথা কৈ বহু ভাৰতীয়ক জালত পেলাইছে এইসকল এজেণ্টে। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে, নিজৰ প্ৰাণৰ মমতাকো ত্যাগ কৰি একাংশ ভাৰতীয়ই এতিয়া বিদেশৰ মাতিত যুদ্ধত নামি পৰিছেগৈ।

ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ কৰিছে ভাৰতীয়ই

এ আই এম আই এমৰ মূৰব্বী আছাদ্দুদিন ওৱেইছিয়ে শেহতীয়াকৈ কৰা এক অভিযোগে দেশজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। তেওঁ কৈছিল ৰাছিয়াৰ হৈ ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত নামিছে ভাৰতীয়। এই চাঞ্চল্যকৰ অভিযোগ স্বীকাৰ কৰিছে ভাৰতৰ বিদেশ মন্ত্ৰণালয়েও।

শুকুৰবাৰে বিদেশমন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় এই বিষয়টো চৰকাৰৰ দৃষ্টিলৈ আহিছে। এই সন্দৰ্ভত ৰাছিয়াৰ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে আলোচনা কৰিছে ভাৰতীয় দূতাবাসে।

বিদেশ মন্ত্ৰণালয়ে জাৰি কৰিছে বিবৃতি

বিদেশ মন্ত্ৰণালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, আমি জানিবলৈ পাৰিছো কেইবাজনো ভাৰতীয় ৰাছিয়াৰ সেনাবাহিনীত ভৰ্তি হৈছে। তেওঁলোকে যুদ্ধ সহকাৰী হিচাপে কাম কৰিছে। বিষয়টো দৃষ্টিলৈ অহাৰ লগে লগে ৰাছিয়াৰ সংশ্লিষ্ট বিষয়াৰ সৈতে যোগাযোগ কৰিছে ভাৰতীয় দূতাবাসে। তেওঁলোকৰ দ্ৰুত মুক্তিৰ বিষয়ত প্ৰতিনিয়ত আলোচনা কৰি থকা হৈছে। আমি সকলো ভাৰতীয়কে অনুৰোধ জনাইছো যথাযথ সতৰ্কতা অৱলম্বন কৰক। যুদ্ধৰ পৰা দূৰত থাকক।

৪ ভাৰতীয়ই প্ৰেৰণ কৰিছে ভিডিঅ'

সংস্থাপনৰ আশাত ৰাছিয়ালৈ যোৱা ৪ যুৱকৰ এক কাহিনী পোহৰলৈ আহিছে। কৰ্ণাটকৰ ৩ জন আৰু মহাৰাষ্ট্ৰৰ এজন যুৱকৰে গঠিত এই দলটোৱে স্বগৃহলৈ প্ৰেৰণ কৰা এটা ভিডিঅ'ই সৃষ্টি কৰিছে চাঞ্চল্য।

২২ বৰ্ষীয় মহম্মদ চুফিয়ান নামৰ যুৱকজনে ৰাছিয়াৰ পৰা প্ৰেৰণ কৰা এটা ভিডিঅ'ত কোৱা হৈছে চাকৰি দিয়াৰ নামত তেওঁলোকক প্ৰৱঞ্চনা কৰা হৈছে। ২০২৩ চনৰ ডিচেম্বৰত ৰাছিয়ালৈ যুদ্ধ কৰিবলৈ প্ৰেৰণ কৰা হৈছিল তেওঁলোকক।

মাহে ২ লাখ টকাকৈ দৰমহা দিয়াৰ নামত তেওঁলোকক লৈ যোৱা হৈছিল ৰাছিয়ালৈ। তাৰ পাছত তাতেই তেওঁলোকে ৰাছিয়ান ভাষাতে লিখা চুক্তি পত্ৰত স্বাক্ষৰ কৰিছিল। তাৰ পাছৰে পৰা তেওঁলোক যুদ্ধত নামি পৰিছে। অৱশ্যে তেওঁলোকে পূৰ্বে এইদৰে যুদ্ধ কৰিব লাগিব বুলি জনা নাছিল।

কিদৰে ভাৰতীয়সকল চিকাৰ হৈছে দুষ্ট চক্ৰৰ

ভাৰতৰ বৰ্তমানৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক পৰিস্থিতিত লাখ লাখ নিবনুৱাই সংস্থাপনৰ আশাত দিন পাৰ কৰিছে। শিক্ষা আহৰণ কৰিও সংস্থাপনহীনতাৰে দিন পাৰ কৰা এইসকল যুৱক-যুৱতী হতাশাৰ বলি হৈছে।

এনে যুৱক-যুৱতী তথা কৰ্মহীন লোককে লক্ষ্য কৰি লৈছে একাংশই। তেওঁলোকক বিদেশী উন্নত ৰাষ্ট্ৰত সহজতে সংস্থাপনৰ বাট মুকলি কৰি দিয়াৰ বিভিন্ন পথ দেখুৱাই এইসকলে।

ভাৰতৰ তুলনাত অধিক উচ্চ হাৰত দৰমহা লাভ, জীৱন ধাৰণৰ মানদণ্ড অধিক উন্নত কৰা আদিৰ সপোন দেখুৱাই তেওঁলোককে বিদেশলৈ প্ৰেৰণ কৰে এইসকল এজেণ্টে। পূৰ্বৰ কোনো জ্ঞান নথকাকৈ একাংশ এজেণ্টৰ সহায়ত বিদেশলৈ গৈ বিপদত পৰিছে বহু জন। এনে উদাহৰণ পূৰ্বেও আছে বহু।

কিদৰে মেলে জাল

সামাজিক মাধ্যমৰ বিপুল জনপ্ৰিয়তা আৰু প্ৰসাৰৰ সময়ত বহুতেই ইয়াক একোখন মঞ্চ হিচাপে ব্যৱহাৰ কৰিছে। একাংশই ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম আদিৰ জৰিয়তে বিদেশত সহজতে চাকৰি পোৱাৰ বিভিন্ন বাট দেখুৱাই আহিছে।

তেওঁলোকে বিদেশত কিদৰে কম পৰিশ্ৰমত অধিক ধন ঘটিব পাৰি আৰু বিলাসী জীৱন কটাব পাৰি তাৰ এক ধাৰণা দিবলৈ চেষ্টা কৰি আহিছে। সেই প্ৰচাৰত মুগ্ধ হৈ কৰ্মহীন হৈ থকা বহুতেই তেওঁলোকৰ দ্বাৰা কিছুমান এজেণ্টৰ সৈতে যোগাযোগ কৰি যাত্ৰা কৰিছে বিদেশলৈ।

আছাদুুদ্দিন ওৱেইছিয়ে কৰিছিল এই অভিযোগ

এ আই এম আই এমৰ মুৰব্বী তথা হাইদৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে অভিযোগ কৰি কৈছিল এজন ইউটিউবাৰৰ জালত ভৰি দিছে বহু কেইজনে। কিদৰে বিদেশত চাকৰি পাৰ সেই লৈ ভিডিঅ' তৈয়াৰ কৰে অভিযুক্ত এই ইউটিউবাৰগৰাকীয়ে।

তেলেঙ্গানা, গুজৰাট, কৰ্ণাটক, জম্মু-কাশ্মীৰ, উত্তৰ প্ৰদেশৰ দৰে বহু কেইখান ৰাজ্যৰ পৰা তেওঁলোকক প্ৰতিশ্ৰুতি দিয়া হৈছে ইউৰোপত চাকৰি দিয়া হ'ব। ৰাছিয়ালৈ গৈ যুদ্ধত নামি পৰা ভাৰতীয়সকলক এইদৰেই এজেণ্টেৰ জৰিয়তে ৰাছিয়ালৈ প্ৰেৰণ কৰা হৈছিল। তেওঁলোকক কোৱা হৈছিল ৰাছিয়াত নিৰ্মাণ শ্ৰমিক হিচাপে কাম কৰিব লাগিব।

ৰাছিয়াৰ হৈ যুদ্ধ কৰি প্ৰাণ হেৰুৱাইছে ভাৰতীয়ই

ওৱেইছিৰ অভিযোগ নিৰ্মাণ শ্ৰমিক হিচাপে ৰাছিয়ালৈ প্ৰেৰণ কৰা ভাৰতীয়ক ৰাছিয়াত যুদ্ধৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। মাত্ৰ কেইমাহ মানৰ প্ৰশিক্ষণৰ পাছতে তেওঁলোকক যুদ্ধ ক্ষেত্ৰত নমাই দিয়া হৈছে।

ৰাছিয়ান সেনাৰ সৈতে এই ভাৰতীয়সকলক মাৰিয়পোল, খাৰকভ আৰু ডনেটস্কলৈ পঠিয়া দিয়া হয়। তাতেই যুদ্ধ কৰি এজন ভাৰতীয়ই ইতিমধ্যে প্ৰাণ ত্যাগ কৰিছে বুলিও অভিযোগ কৰিছে ওৱেইছিয়ে।

যোৱা ২৫ দিন ধৰি ৰাছিয়ালৈ গৈ যুদ্ধত নমা আন ভাৰতীয়ৰ সৈতে পৰিয়ালৰ কোনো যোগাযোগ হোৱা নাই। সেয়ে উদ্বিগ্ন হৈ পৰিছে পৰিয়ালসমূহ। এই পৰ্যন্ত বিভিন্ন সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি অতি কমেও ৬৫ জন ভাৰতীয় ৰাছিয়াৰ সেনা বাহিনীত যোগদান কৰিছে। তেওঁলোক আটায়েই প্ৰৱঞ্চনাৰ বলি হৈছে।

ৰাছিয়াই নহয় ইজৰাইললৈ যাবলৈও সাজু হাজাৰ হাজাৰ ভাৰতীয়

ৰাছিয়া ইউক্ৰেইনৰ দৰে দীঘলীয়া হৈছে ইজৰাইল আৰু পেলেষ্টানৰ যুদ্ধ। এই যুদ্ধত অৱশ্যে ইজৰাইল বহু শক্তিশালী হৈ আছে। এই যুদ্ধৰ মাজতেই ইজৰাইলে তেওঁলোকৰ নিৰ্মাণখণ্ডকে ধৰি বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ থকা পেলেষ্টাইনীসকলক আঁতৰাইছে।

ফলত নিৰ্মাণ শ্ৰমিকৰ অভাৱ হৈছে ইজৰাইলত। সেয়ে তেওঁলোকে ইতিমধ্যে ভাৰতৰ পৰা শ্ৰমিক আমদানি কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। বহু ভাৰতীয়ই ইতিমধ্যে ইজৰাইললৈ গৈ নিৰ্মাণ খণ্ডত শ্ৰমিক হিচাপে যোগদান কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে।

এই সন্দৰ্ভত ইতিপূৰ্বে আমি এক প্ৰতিবেদন প্ৰকাশ কৰিছিলো। কেৱল নিৰ্মাণখণ্ডতেই নহয় ইজৰাইলৰ স্বাস্থ্য খণ্ডতো বহু ভাৰতীয় নিয়োজিত হৈ আছে। যুদ্ধ পৰিস্থিতিৰ মাজতো বিদেশলৈ গৈ কাম বিচাৰিবলৈ সাজু হৈ থকা ভাৰতীয়ৰ এই অৱস্থাই প্ৰমাণ কৰে কিদৰে সংস্থাপনহীন যুৱক-যুৱতী, কৰ্মহীন লোকসকলে পেটৰ তাড়নাত, পৰিয়াল তথা আত্মীয় স্বজনৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ স্বাৰ্থত মৃত্যুৰ সৈতে মোকাবিলা কৰিবলৈও কুণ্ঠাবোধ নকৰা এক মানসিক স্থিতিত উপনীত হৈছে। কি ভয়ংকৰ এক পৰিস্থিতি।

যুদ্ধৰ মাজতে ইজৰাইলত কিদৰে সংস্থাপনৰ বাট মুকলি হৈছে আৰু ভাৰতীয়ৰ বাবে সংস্থাপনৰ দুৱাৰ মুকলি হৈছে সেই সন্দৰ্ভত চাওঁক আমাৰ পূৰ্বৰ এক প্ৰতিবেদনঃ