উত্তৰ-পূব

উৎকট গৰমঃ ত্ৰিপুৰাত ৪দিনৰ বাবে বিদ্যালয় বন্ধ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ত্ৰিপুৰা ৰাজ্য চৰকাৰে তীব্ৰ গৰমৰ পৰিপেক্ষিতত আগন্তুক ৪দিনৰ বাবে ৰাজ্যখনৰ বিদ্যালয়লসমূহ বন্ধ ঘোষণা কৰিছে। শিক্ষা বিভাগৰ সচিবে ৰাজ্যখনৰ সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয় বুধবাৰৰ পৰা ২৭ এপ্ৰিললৈ বন্ধৰ ৰখাৰ নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জনসাধাৰণক তীব্ৰ ৰ'দৰ পৰা আতৰি থাকিবলৈ উপদেশ দিছে। ৰাজ্য চৰকাৰে জিলা প্ৰশাসনসমূহক জৰুৰীকালীন সেৱা কেন্দ্ৰসমূহ সক্ৰিয় কৰি ৰাখিবলৈ আৰু সকলো অঞ্চললৈ পৰ্যাপ্ত পৰিমাণৰ বিদ্যুৎ যোগান নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে।