অৰুণাচল প্ৰদেশৰ টিৰাপত পিষ্টলসহ আলফা স্বাধীনৰ দুই কেডাৰ গ্ৰেপ্তাৰ...
অৰুণাচল প্ৰদেশৰ টিৰাপত পিষ্টলসহ আলফা স্বাধীনৰ দুই কেডাৰ গ্ৰেপ্তাৰ... 
উত্তৰ-পূব

অৰুণাচল প্ৰদেশৰ টিৰাপত পিষ্টলসহ আলফা স্বাধীনৰ দুই কেডাৰ গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ বেকজানঃ ভাৰতীয় সেনাবাহিনীৰ স্পিয়াৰ কৰ্পছ বিভাগৰ নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত অসম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ যৌথ অভিযান আৰম্ভ কৰি আলফা স্বাধীনৰ দুজন কেডাৰক গ্ৰেপ্তাৰ কৰে। আছাম ৰাইফলছে কেডাৰ দুজনৰ পৰা দুটা পিষ্টল আৰু গুলীও উদ্ধাৰ কৰা হৈছে।

আনহাতে নাগালেণ্ড আৰক্ষীৰ সৈতে আৰম্ভ কৰা একেধৰণৰ যৌথ অভিযানৰ ফলত নাগালেণ্ডৰ মন জিলাত এন এছ চি এন-কে(বিদ্ৰোহী)ৰ এজন কেডাৰক গ্ৰেপ্তাৰ কৰা হয়। পিছত বিদ্ৰোহী কেইজনক আৰক্ষীক গতাই দিয়া হয়।