তিপ্ৰা মথাৰ সকলো দাবী মানি ল'ব বিজেপিয়ে ! কানে কান মাৰি বিজয় লাভ কৰিলে মানিক সাহাই...
তিপ্ৰা মথাৰ সকলো দাবী মানি ল'ব বিজেপিয়ে ! কানে কান মাৰি বিজয় লাভ কৰিলে মানিক সাহাই...  
উত্তৰ-পূব

তিপ্ৰা মথাৰ সকলো দাবী মানি ল'ব বিজেপিয়ে ! কানে কান মাৰি বিজয় লাভ কৰিলে মানিক সাহাই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই বিজয় সাব্যস্ত কৰিছে। অৱশ্যে নিৰ্বাচনৰ পূৰ্বেই মানিক সাহাই তেওঁৰ এই বিজয় সন্দৰ্ভত ভৱিষ্যত বাণী কৰিছিল। তেওঁ কেৱল নিজৰেই নহয়, ৰাজ্য়খনত বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব বুলিও মন্তব্য কৰিছিল।

মানিক সাহাই কংগ্ৰেছ প্ৰতিদ্বন্দি আশীষ কুমাৰ শ্বাহাক ৮৩২ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছে। তেওঁৰ উপৰিও আন ২ জন বিজেপি প্ৰাৰ্থীয়েও জয়লাভ কৰিছে।

আনহাতে আই পি এফ টিৰ এজন প্ৰাৰ্থীয়েও বিজয় সাব্যস্ত কৰিছে। ইফালে ৰাজ্যখনত বিজেপিয়ে তিপ্ৰামথাৰ সৈতে মিত্ৰতা স্থাপন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। বিজেপিয়ে তিপ্ৰা মথাৰ সকলো দাবী মানি ল'বলৈ প্ৰস্তুত হৈছে ।

অৱশ্যে এই দাবী বোৰৰ ভিতৰত থাকিব নহ'ব গ্ৰেটাৰ তিপ্ৰালেণ্ডৰ দাবী। এই দাবীৰ পৰিৱৰ্তে সকলো দাবী মানি ল'বলৈ সাজু ৰাজ্যিক বিজেপি।