কা আন্দোলনৰ নেতা, আঞ্চলিকতাবাদৰ  আশা প্ৰদ্যুৎ বিক্ৰম মানিক্যৰ তিপ্ৰা মথা চামিল হ'ব বিজেপিৰ মিত্ৰজোঁটত !
কা আন্দোলনৰ নেতা, আঞ্চলিকতাবাদৰ আশা প্ৰদ্যুৎ বিক্ৰম মানিক্যৰ তিপ্ৰা মথা চামিল হ'ব বিজেপিৰ মিত্ৰজোঁটত ! 
উত্তৰ-পূব

কা আন্দোলনৰ নেতা, আঞ্চলিকতাবাদৰ আশা প্ৰদ্যুৎ বিক্ৰম মানিক্যৰ তিপ্ৰা মথা চামিল হ'ব বিজেপিৰ মিত্ৰজোঁটত !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰ আৰু সুৰক্ষাৰ কথা কোৱা, এই লোকসকলৰ অস্তিত্ব ৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ত্যাগ কৰি আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা প্ৰদ্যুৎ বিক্ৰম মানিক্য দেৱবাৰ্মাই বিজেপিৰ সৈতে স্থাপন কৰিব মিত্ৰতা !

নাগৰিকত্ব সংশোধনী বিধেয়ক, আইন বিৰোধী আন্দোলনত উত্তৰ পূৰ্বাঞ্চলত অগ্ৰণী ভূমিকা লোৱা ৰাজকুমাৰ প্ৰদ্যুৎ বিক্ৰম মানিক্যই ক্ষমতা দখলৰ বাবে বিজেপিৰ সৈতে চামিল হোৱাৰ প্ৰস্তুত চলোৱা বুলি খবৰ লাভ কৰা গৈছে। যদি সেয়াই হয় তেনে পুনৰবাৰ আঞ্চলিক ৰাজনৈতিক শক্তিৰ প্ৰতি মোহভংগ হ'ব সাধাৰণ ৰাইজৰ।

বিজেপিৰ সমালোচক, ত্ৰিপুৰা বিজেপি নেতৃত্বৰ বিৰুদ্ধে ধাৰাবাহিক আক্ৰমণাত্মক ভূমিকা লৈ অহা প্ৰদ্যুৎ বিক্ৰম মানিক্যই গঠন কৰা তিপ্ৰমথা এইবাৰ ত্ৰিপুৰাত কিং মেকাৰৰ ভূমিকা লোৱাটো প্ৰায় নিশ্চিত হৈছে। ভোটগণনাত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে যদিও পৰিশেষত বিজেপিক আন দলৰো সমৰ্থন প্ৰয়োজন হোৱাটো প্ৰায় নিশ্চিত হৈছে।

এনে প্ৰেক্ষাপটত বিজেপিয়ে তিপ্ৰামথাৰ সৈতে আলোচনা কৰা বুলি চৰ্চা চলিছে। আজি সন্ধিয়াৰ ভাগতে তিপ্ৰামথাৰ নেতৃত্বৰে বিজেপিৰ আলোচনা হোৱাৰ কথা। যদিও সেয়াই হয় তেন্তে কা আন্দোলন কৰি পৰৱৰ্তী সময়ত বিজেপিৰ সৈতে চামিল হোৱা নেতাৰ তালিকাত আনতকৈ পৃথক, ব্যতিক্ৰম বুলি পৰিচিত প্ৰদ্যুৎ বিক্ৰম মানিক্যৰ নামো অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত।

পুনৰ এবাৰ আঞ্চলিকতাবাদী নেতৃত্বই বিশ্বাসঘাটকতা কৰিব জনতাক। অৱশ্যে তিপ্ৰামথাৰ দাবী যি ৰাজনৈতিক দলেই মানি ল'ব তেওঁলোকৰ সৈতেই তিপ্ৰা মথাই মিত্ৰতা স্থাপন কৰিব বুলিও নিৰ্বাচনৰ পূৰ্বেই ঘোষণা কৰিছিল।