এপিপিএছচিৰ পৰীক্ষা নিয়ন্ত্ৰকৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি...
এপিপিএছচিৰ পৰীক্ষা নিয়ন্ত্ৰকৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি... 
উত্তৰ-পূব

এপিপিএছচিৰ পৰীক্ষা নিয়ন্ত্ৰকৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি...

Asomiya Pratidin

ডিজিটেল সংবাদ ইটানগৰঃ তুমি গাংকাকৰ মৃত্যুক কেন্দ্ৰ কৰি ইটানগৰত উত্তপ্ত পৰিস্থিতি। বুমছো ক্ৰং আৰু তুৰুং মেছাৰ নামৰ দুজন আৰক্ষী বিষয়াৰ বাবেই তুমি গাংকাকৰ মৃত্যু হোৱা বুলি অভিযোগ কৰি ইটানগৰত থকা গালো ৱেলফেয়াৰ ছ'ছাইটি আৰু পৰিয়ালৰ লোকে অৰুণাচল প্ৰদেশ বিধানসভা ভৱনৰ সন্মুখত তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিছে।

বিধানসভা ভৱনৰ সন্মুখত থকা অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ এটা নৱনিৰ্মিত ভৱনৰ প্ৰবেশ পথত কেইবিশতাধিক লোকে প্ৰতিবাদ অব্যাহত ৰাখিছে। উল্লেখ্য যে, পৰিয়ালৰ লোকে কালি নিশা আৰক্ষীক দিয়া এজাহাৰত দুজন আৰক্ষী বিষয়াৰ সন্দেহজনক ভূমিকাৰ কথা উল্লেখ কৰি দুয়োজন আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবী কৰিছিল।

প্ৰয়াত গাংকাকৰ আজি মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয় যদিও অভিযুক্ত আৰক্ষী বিষয়া দুজনক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত মৃতদেহ চমজি নোলোৱাৰ সিদ্ধান্ত লয় পৰিয়ালৰ লোকসকলে। আৰু যদি আৰক্ষীয়ে মৃতদেহ চমজি ল'বলৈ জবৰদস্তি কৰে তেন্তে প্ৰয়াত গাংকাকৰ মৃতদেহ বিধানসভা ভৱনৰ সন্মুখত থকা অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ নৱনিৰ্মিত ভৱনৰ প্ৰবেশদ্বাৰত কবৰ দিয়াৰ বাবে গাত খান্দি আছে কেইবিশতাধিক প্ৰতিবাদকাৰীয়ে।

উল্লেখ্য যে, আজি তুমি গাংকাকৰ মৰণোত্তৰ পৰীক্ষা ট্ৰিমছ মেডিকেল কলেজত সম্পন্ন হয় যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহা সোমবাৰেহে পৰিয়ালৰ লোকক দিব। ইপিনে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত যদি হত্যাৰ সন্দেহ প্ৰমানিত হয় তেতিয়াহে লোকসেৱা আয়োগৰ সহপৰীক্ষা নিয়ন্ত্ৰক তুমি গাংকাকৰ মৃত্যুক হত্যা হিচাপে গণ্য কৰি হত্যাৰ গোচৰত পঞ্জীয়ন কৰিব বুলি আৰক্ষীয়ে কালি স্পষ্ট কৰি দিছিল।