APPSC পৰীক্ষা কেলেংকাৰীঃ আত্মহত্যা নে হত্যা কৰা হ'ল সহকাৰী পৰীক্ষা নিয়ন্ত্ৰকক...
APPSC পৰীক্ষা কেলেংকাৰীঃ আত্মহত্যা নে হত্যা কৰা হ'ল সহকাৰী পৰীক্ষা নিয়ন্ত্ৰকক... 
উত্তৰ-পূব

APPSC পৰীক্ষা কেলেংকাৰীঃ আত্মহত্যা নে হত্যা কৰা হ'ল সহকাৰী পৰীক্ষা নিয়ন্ত্ৰকক...

Asomiya Pratidin

ডিজিটেল সংবাদ ইটানগৰঃ অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ প্ৰশ্ন কাকত কোটি টকাত বিক্ৰী কেলেংকাৰীত জড়িত বুলি অভিযোগ উঠা আয়োগৰ সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক তুমি গংকক নামৰ বিষয়াগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই পুনৰ আলোড়নৰ সৃষ্টি কৰিছে ৰাজ্যখনত। প্ৰাপ্ত খবৰ অনুসৰি আজি দুপৰীয়া ইটানগৰৰ ৰাজ্যিক চিৰিয়াখানা আৰু পমাৰ মাজত পথৰ কাষতে থকা এজোপা গছত ওলমি থকা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।

পৰিয়ালৰ সুত্ৰই সদৰি কৰা মতে গংকক নামৰ এই বিষয়াগৰাকীক প্ৰশ্ন কাকত বিক্ৰী কেলেংকাৰীৰ তদন্ত কৰি থকা চি বি আইৰ এটা দলে জেৰাৰ বাবে বৃহস্পতিবাৰে আবেলি ইটানগৰৰ চি বি আইৰ এটা কাৰ্যালয়ত উপস্থিত হ'বলৈ চমন জাৰি কৰিছিল। অৱশ্যে এই সন্দৰ্ভত চি বি আই বা আৰক্ষীয়ে কোনো মন্তব্য কৰা নাই।

বিয়লি প্ৰায় চাৰি বজাত ঘৰৰ পৰা ওলায় যোৱা গংককে আবেলি ৪:৫৮ মিনিটত প্ৰশ্ন কাকত বিক্ৰী কেলেংকাৰীত তেওঁ জড়িত নাই বুলি উল্লেখ কৰি এটা WhatsApp গ্ৰুপত এটা মন্তব্য কৰিছিল আৰু তেওঁক ফচাইছে বুলি লিখিছিল। তাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ থকা গংককৰ ম'বাইল ফোন অফ হৈ আছিল।

পৰিয়ালৰ লোকে আৰু বহুলোকে তেওঁক কোনোবাই হত্যা কৰি গছত ওলমাই থোৱা বুলি সন্দেহ কৰিছে। ইটানগৰৰ আৰক্ষী অধীক্ষক জি মি চিৰামে কয়‌ যে, গংককৰ মৃত্যু সন্দৰ্ভত অনুসন্ধান অব্যাহত আছে আৰু মৰণোত্তৰ পৰীক্ষাৰ পাছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব। গংককৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অৰুণাচল প্ৰদেশত চাঞ্চল্যৰ সৃষ্টি কৰিছে।