সূৰ্যোদয়ৰ দেশ অৰুণাচল সংযোজিত হ'ব দেশৰ ৰে'লৱে মানচিত্ৰতঃ ধেমাজিত হ'ব জাহাজ বন্দৰ...
সূৰ্যোদয়ৰ দেশ অৰুণাচল সংযোজিত হ'ব দেশৰ ৰে'লৱে মানচিত্ৰতঃ ধেমাজিত হ'ব জাহাজ বন্দৰ... 
উত্তৰ-পূব

সূৰ্যোদয়ৰ দেশ অৰুণাচল সংযোজিত হ'ব দেশৰ ৰে'লৱে মানচিত্ৰতঃ ধেমাজিত হ'ব জাহাজ বন্দৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ ধেমাজিঃ সূৰ্যোদয়ৰ ৰাজ্য অৰুণাচলৰ পূৱ প্ৰান্তৰে সংযোজন ঘটিব দেশৰ ৰে'লৱে মানচিত্ৰত ৷ পাচিঘাটলৈ চলিব বৈদ্যুতিক ৰে'ল ৷ উত্তৰ অসমৰ শেষৰটো ৰে'ল ষ্টেচন ধেমাজি জিলাৰ জোনাই মুৰকংচেলেকৰ পৰা পাচিঘাটলৈ সম্প্ৰসাৰিত হ'ব দ্বৈত ৰে'ল সেৱা ৷

বৈদ্যুতিক ৰে'ল সেৱাই আনিব উন্নয়নৰ জোৱাৰ ৷ অমৃত ভাৰত ষ্টেচনৰ জৰিয়তে বিশ্বমানৰ মানদণ্ডৰে মূৰকংচেলেক ,ধেমাজি, চিলাপথাৰ আৰু লখিমপুৰ ষ্টেচনসমূহ উন্নীত কৰা হ'ব ৷

কেন্দ্ৰীয় চৰকাৰৰ বাজেটক লৈ লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱাই বৃহস্পতিবাৰে ধেমাজি আৱৰ্ত্তভৱনত অনুষ্ঠিত হোৱা সংবাদমেলত এই দৰে কয় ৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা ৪৫ লাখ কোটি টকাৰ অভিলাষী বাজেটক লৈ সাংসদ প্ৰদান বৰুৱাই বহু কেইটা গুৰুত্বপূৰ্ণ মন্ত্যব্য কৰে ৷ আন্ত:গাঁথনিৰ উন্নয়নৰ লগতে বিশেষকৈ ৰে'ল বাজেটে লাভাম্বিত কৰিব ৷

লখিমপুৰ লোকসভাৰ অন্তৰ্গত জোনাইৰ মূৰকংচেলেকৰ পৰা পাচিঘাটলৈ সম্পসাৰিত হ'ব লগা ৰে'ল সেৱাৰ উপৰিও বৈদ্যুতিক ৰে'ল চলোৱাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে ৷ অসম আৰু অৰুণাচলৰ শেষ সীমাৰ মুৰকংচেলেক চিলাপথাৰ, ধেমাজি ,লখিমপুৰ ষ্টেচনসমূহ বিশ্বমানৰ কাৰিকৰী কৌশলেৰে আধুনিক ৰূপত অমৃত ভাৰত ষ্টেচন হিচাবে নিৰ্মান কৰা হ'ব ৷

সাংসদ গৰাকীয়ে লগতে জলপথ ব্যৱহাৰ কৰি নতুনকৈ পাচিঘাটৰ পৰা বগীবিললৈ জাহাজ ৰখোৱাৰ বাবে বন্দৰ নিৰ্মান কৰা হ'ব বুলিও অৱগত কৰে ৷ এই ব্যৱস্থাই আগন্তক দিনত লাভাম্বিত কৰিব সামগ্ৰী পৰিবহন কৰাৰ ক্ষেত্ৰত ৷