উত্তৰ-পূব

অৱশেষত ১৩ দফীয়া দাবী মানি ল'লে পেমা খান্দু চৰকাৰে : বন্ধ প্ৰত্যাহাৰ প্ৰতিবাদকাৰীৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বন্ধ প্ৰত্যাহাৰ প্ৰতিবাদকাৰীৰ। প্ৰতিবাদকাৰীৰ ১৩ দফীয়া দাবী মানি ল'লে পেমা খান্দু চৰকাৰে। কলংকিত লোকসেৱা আয়োগৰ সকলো কৰ্মচাৰীৰ আয় আৰু সম্পত্তিৰ তদন্ত কৰিব Enforcement Directorate ৰ সহায়ত।

অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগত কৰ্মচাৰীৰ কাৰ্যকাল দুবছৰৰ বাবে সীমিত কৰি আন বিভাগলৈ বদলি কৰা হ'ব। এমাহৰ ভিতৰত আয়োইৰ স্থগিত পৰীক্ষা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা সম্পন্ন কৰাৰ প্ৰতিশ্ৰুতি চৰকাৰৰ।

ফাষ্ট ট্ৰেক আদালতত হ'ব গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ আইনী বিচাৰ। ২০১৪ চনৰ পৰা ২০২২ চনলৈ অনুষ্ঠিত লোকসেৱা আয়োগৰ সকলো বিসংগতিপূৰ্ণ পৰীক্ষা আৰু নিযুক্তি বাতিল কৰিব অৰুণাচল প্ৰদেশ চৰকাৰে।

দুদিন ধৰি মুখ্যমন্ত্ৰী পেমা খান্দুক চোৰ বুলি শ্লোগান দি ইটানগৰৰ আকাশ বতাহ কপাই থকা প্ৰতিবাদকাৰীয়ে দাবী পূৰণৰ পাছত নিশা ১১ বজাত সচিবালয়ৰ বাহিৰত সমস্বৰে মুখ্যমন্ত্ৰী পেমা খান্দু জিন্দাবাদ ধ্বনি দিলে প্ৰতিবাদকাৰীয়ে। দুদিন ধৰি চলি থকা অচলাৱস্থাৰ অৱসান। ২০ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিৰ ইটানগৰ ভ্ৰমণৰ কোনো সাল-সলনি নহয়।