অৰুণাচলত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু...
অৰুণাচলত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু... 
উত্তৰ-পূব

অৰুণাচলত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ ৩৭ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ইটানগৰত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ইটানগৰৰ ডনি পল' বিমানবন্দৰৰ পৰা হেলিকপ্তাৰেৰে ৰাজভৱন হেলিপেডত বিয়লি ২:৩০ মিনিটত উপস্থিত হয়হি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু।

ইটানগৰৰ ইন্দিৰা গান্ধী পাৰ্কত আয়োজিত দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰাষ্ট্ৰপতি মুৰ্মুৱে। ৰাষ্ট্ৰপতি মুৰ্মূৱে ডনি পল' বিমান বন্দৰৰ পৰা নাহৰলগুন ৰে'লৱে ষ্টেচন সংযোগী ৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দুই লেনযুক্ত নতুন পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।

ৰাষ্ট্ৰপতি মুৰ্মুৱে ইটানগৰত নিৰ্মাণ হ'বলগা ৰাজ্যৰ সকলো বিভাগৰ সঞ্চালকৰ বাবে নিৰ্মাণ কৰিবলৈ লোৱা সঞ্চালকালয় ভৱনৰো আধাৰশিলা স্থাপন কৰে । কাইলৈ দিনৰ ১০ বজাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অৰুণাচল বিধানসভাৰ এক বিশেষ অধিবেশনত ভাষণ ৰাখিব।