৫১ বাৰ উত্তৰ পূব ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে...
৫১ বাৰ উত্তৰ পূব ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে... 
উত্তৰ-পূব

৫১ বাৰ উত্তৰ পূব ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ পূবক গুৰুত্ব দি আহিছে। মোডীৰ কথা আৰু কামত উত্তৰ পূৰ্বাঞ্চলে স্থান লাভ কৰে। তেওঁ এই অঞ্চলটোক অষ্টলক্ষ্মী হিচাপে অভিহিত কৰিছে।

সেয়ে সুবিধা পালেই উত্তৰ পূব ভ্ৰমণ কৰে। বিজেপিৰ নেতৃত্বই এই কথা দোহাৰি আহিছে। আজি উত্তৰ পূৰ্বাঞ্চলৰ ৩ খন ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণা হৈছে।

মেঘালয়ক বাদ দি ত্ৰিপুৰা আৰু নাগালেণ্ডত বিজেপিয়ে পুনৰবাৰ ক্ষমতা দখল কৰাটো নিশ্চিত হৈছে। সেয়ে মোডীৰ উত্তৰ পূব ভ্ৰমণৰ বিষয়ে চৰ্চা আৰম্ভ হৈছে।

নাগালেণ্ডৰ শাসন এন ডি পি পি আৰু বিজেপিৰ দখললৈ যোৱাটো নিশ্চিত। ৬০ খন আসনৰ ভিতৰত ইতিমধ্যে বিজেপিয়ে ১১ খন আৰু এন ডি পি পিয়ে ২১ খন আসনত বিজয় সাব্যস্ত কৰি ক্ষমতা দখলৰ বাবে প্ৰয়োজনীয় মেজিক নাম্বাৰ ৩১ অতিক্ৰম কৰিলে।

দল দুটাৰ আসনৰ সংখ্যা আৰু অধিক হোৱাটো নিশ্চিত। আনহাতে প্ৰথম বাৰৰ বাবে নাগালেণ্ডে এগৰাকী মহিলা বিধায়ক লাভ কৰিছে। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে নাগালেণ্ডে পালে এগৰাকী মহিলা বিধায়ক।

এই সন্দৰ্ভত বিজেপিৰ মুখপাত্ৰ নলিন কোহলীয়ে কৈছে, বিজেপিয়ে নাগালেণ্ডত ইমান ভাল প্ৰদৰ্শন কৰাৰ কাৰণ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ "এক্ট ইষ্ট" নীতি।

তেওঁ কয়, প্ৰধানমন্ত্ৰী মোডীয়ে ৫১ বাৰ উত্তৰ-পূবলৈ গৈছে। তেওঁৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী সকলে উত্তৰ পূব ভ্ৰমণ কৰাৰ সংখ্যা একত্ৰিত কৰিলেও এই সংখ্যা স্পৰ্শ কৰিব নোৱাৰে।

তেওঁ পুনৰ কয়, আমি ঘাইপথ উন্নত কৰিছো আৰু উত্তৰ-পূবৰ লোকসকলৰ ওচৰত আঁচনিসমূহ উপনীত হোৱাটো নিশ্চিত কৰিছো।"