উত্তৰ-পূব

মিজোৰামত বাৰ্মিজ সেনাৰ বিমান দুৰ্ঘটনা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱা মিজোৰামৰ লেংপুই বিমানবন্দৰত দুৰ্ঘটনাতগ্ৰস্ত হয় বাৰ্মিজ সেনাৰ এখন বিমান । পাইলটজনৰ সৈতে বিমানখনত আছিল মুঠ ১৪ জনকৈ সেনাৰলোক । অৱতৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।

তথ্য অনুসৰি  ১৪ জনৰ ভিতৰত ছয়জন আঘাতপ্ৰাপ্ত হয় আৰু আন আঠজনক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় । আঘাতপ্ৰাপ্তসকলক ততাতৈয়াকৈ লেংপুই চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

উল্লেখ্য যে বিমানখনে জাতিগত বিদ্ৰোহ গোটৰ সৈতে হোৱা সংঘৰ্ষৰ পিছত ভাৰতত প্ৰৱেশ কৰা ম্যানমাৰ সেনাৰ জোৱান সকলক নিবলৈ আহিছিল । মুঠ ২৭৬ জন ম্যানমাৰৰ সেনা প্ৰৱেশ কৰিছিল ভাৰতত।

বাৰ্মিজ সেনাৰ শিবিৰ 'আৰাকান আৰ্মি' যোদ্ধাসকলে দখল কৰাৰ পিচত তেওঁলোক মিজোৰামলৈ পলায়ন কৰিছিল । ম্যানমাৰৰ সেনা জোৱানসকলক পৰভাৰ সমীপৰ অসম ৰাইফলছ শিবিৰলৈ লৈ যোৱা হৈছিল আৰু পিচত তেওঁলোকৰ বেছিভাগক লুংলেইলৈ স্থানান্তৰ কৰা হৈছিল ।

এই ২৭৬ গৰাকী জোৱানক শনিবাৰে আৰু দেওবাৰে আইজললৈ অনা হৈছিল । তেওঁলোকৰ ভিতৰত ৩৬ গৰাকী বিষয়া আৰু ২৪০ গৰাকী নিম্ন পদবীৰ কৰ্মচাৰী । ২৭৬ জনৰ ১৮৪ জন সেনাক সোমবাৰে ঘূৰাই পঠিওৱা হয়। বাকী ৯২ জনক মঙলবাৰে প্ৰত্যাৱৰ্তন কৰা কথা আছিল। এই ৯২জন সেনাক ঘূৰাই নিবলৈ আহোতেই দুৰ্ঘটনাগ্ৰস্ত হয় বাৰ্মিজ সেনাৰ বিমানখন।