উত্তপ্ত ত্ৰিপুৰা : বিজেপিৰ গুণ্ডাবাহিনীৰ আক্ৰমণৰ বলি হ'ল সংসদীয় সদস্যৰ দল ! চাওক ভিডিঅ'...
উত্তপ্ত ত্ৰিপুৰা : বিজেপিৰ গুণ্ডাবাহিনীৰ আক্ৰমণৰ বলি হ'ল সংসদীয় সদস্যৰ দল ! চাওক ভিডিঅ'... 
উত্তৰ-পূব

উত্তপ্ত ত্ৰিপুৰা : বিজেপিৰ গুণ্ডাবাহিনীৰ আক্ৰমণৰ বলি হ'ল সংসদীয় সদস্যৰ দল ! চাওক ভিডিঅ'...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ত্ৰিপুৰাৰ নিৰ্বাচনোত্তৰ ৰাজনৈতিক হিংসাৰ তদন্ত কৰিবলৈ যোৱা সংসদীয় দলক আক্ৰমণ কৰাৰ ঘটনাই দেশজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। উল্লেখ্য যে, সদ্য সমাপ্ত ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছতে ব্যাপক হিংসাত্মক ঘটনাৰ সূত্ৰপাত হৈছিল।

এই ঘটনাৰাজিৰ তদন্ত কৰিবলৈ ৰাজ্যখনত উপস্থিত হৈছিল এটা সংসদীয় দল। এই দলটো ৰাজ্যখনৰ বিশালগড় নেহালচন্দ্ৰ নগৰ বজাৰত আক্ৰমণৰ সন্মুখীন হৈছে। বিজেপি শাসিত ৰাজ্যখনত সৃষ্টি হোৱা এই ঘটনা সন্দৰ্ভত চি পি আই(এম) ত্ৰিপুৰাৰ ৰাজ্যিক সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী জীতেন্দ্ৰ চৌধুৰীয়ে কয়, বিশালগড়ৰ নেহালচন্দ্ৰ নগৰ বজাৰত হোৱা "জঘন্য আক্ৰমণে" সংসদীয় দলটোক আজি ৰখা বাকী থকা বাহ্যিক কাৰ্যসূচী স্থগিত ৰাখিবলৈ বাধ্য কৰিছে।

কংগ্ৰেছ আৰু চি পি আই (এমৰ) তৰফৰ পৰা এই সন্দৰ্ভত সংদাব মাধ্যমত প্ৰকাশ কৰা অনুসৰি সংসদীয় সদস্য দলটো চিৰাহিজালা জিলাৰ হিংসাপীড়িত বিশালগড়লৈ গৈছিল। তাতেই শাসকীয় বিজেপিৰ কিছু লোকে আক্ৰমণৰ লক্ষ্য কৰি লয়। এই আক্ৰমণত ৩ খন বাহনৰ বিস্তৰ ক্ষতি হৈছে।

এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে যে, সংসদীয় সদস্যসকলৰ লগত যোৱা আৰক্ষীৰ দলটোৱে তেওঁলোকক সুৰক্ষিত ভাৱে উদ্ধাৰ কৰিছে। জ্যেষ্ঠ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে।

এতিয়ালৈকে কোনো আঘাতৰ খবৰ লাভ কৰা নাই। ২/৩ খন বাহনপ ক্ষতি হৈছে। এই ঘটনা সন্দৰ্ভত এজন সন্দেহজনক লোকক আটক কৰা হৈছে আৰু তদন্ত আৰম্ভ হৈছে।

ইফালে কংগ্ৰেছে এই ঘটনাক গৰিহণা দি কয় যে, ত্ৰিপুৰাৰ বিশালগড় আৰু মোহনপুৰত বিজেপিৰ গুণ্ডাবোৰে কংগ্ৰেছ নেতাসকলৰ এটা প্ৰতিনিধি দলক আক্ৰমণ কৰিছে। প্ৰতিনিধি দলৰ সৈতে থকা আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। শনিবাৰে তাত বিজেপিয়ে এটা বিজয় সমদল অনুষ্ঠিত কৰিছে।

উল্লেখ্য যে আক্ৰমণৰ সন্মুখীন হোৱা এই সংসদীয় সদস্যৰ দলটোত আছিল ৪ জন লোকসভাৰ সদস্য আৰু ৩ জন ৰাজ্যসভাৰ সাংসদ। এই দলটো ৩ টা ভাগত বিভক্ত হৈ ৰাজ্যখনৰ পশ্চিম ত্ৰিপুৰা, চিপাহিজালা আৰু গোমতী নামৰ তিনিখন জিলাৰ হিংসাপীড়িত গাওঁ আৰু নগৰ অঞ্চল পৰিদৰ্শন কৰিবলৈ গৈছিল।