১৮ খন আসনত প্ৰতিদ্বন্দিতা কৰি ৪ খন দখল কৰিলে নৱ গঠিত আঞ্চলিক দলে...
১৮ খন আসনত প্ৰতিদ্বন্দিতা কৰি ৪ খন দখল কৰিলে নৱ গঠিত আঞ্চলিক দলে...  
উত্তৰ-পূব

১৮ খন আসনত প্ৰতিদ্বন্দিতা কৰি ৪ খন দখল কৰিলে নৱ গঠিত আঞ্চলিক দলে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মেঘালয়ৰ নৱগঠিত ৰাজনৈতিক দল ভইচ অফ পিপল পাৰ্টি (ভি পি পি)য়ে আজি ঘোষিত নিৰ্বাচনী ফলাফল অনুসৰি চাৰিখন আসন লাভ কৰিবলৈ সক্ষম হৈছে। দলটোৱে মেঘালয়ৰ মুঠ ১৮ খন আসনত প্ৰতিদ্বন্দিতা আগবাঢ়াই ৪ খন আসন দখল কৰিছে।

দলটোৰ প্ৰেক্ষেপিত প্ৰাৰ্থী এডেলবাৰ্ট নংৰুমে নৰ্থ শ্বিলং সমষ্টিত, এৰ্ডেণ্ট মিলাৰ বাছায়াওমোইট নংক্ৰেম সমষ্টিত, ব্ৰাইটষ্টাৰৱেল মাৰ্বানিয়াঙে মাওলাই সমষ্টিত আৰু হেভিং ষ্টোন খাৰপ্ৰানে মাওৰিংকনেং সমষ্টিত বিজয় সাব্যস্ত কৰিছে। ।

খাৰপ্ৰানে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী ইউ ডি পিৰ ড০ অ' এছ জিৰৱাক ১২৪২ টা ভোটত পৰাজিত কৰিছে। তেওঁ ১১৪২৪ টা ভোট লাভ কৰাৰ বিপৰীতে জিৰৱায়ে ১০, ১৮২ টা ভোট লাভ কৰিছে।