মোডীৰ উপস্থিতিত আজি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নেইফিউ ৰিঅ’ৱে

পঞ্চমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ পদত নেইফিউ ৰিঅ'

author-image
Asomiya Pratidin
New Update
মোডীৰ উপস্থিতিত আজি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নেইফিউ ৰিঅ’ৱে

ডিজিটেল সংবাদ, বেকাজান : নগা প্ৰবীণ ৰাজনীতিবিদ তথা এনডিপিপি-বিজেপি মিত্ৰজোঁটৰ নেতা নেইফিউ ৰিঅ’ই আজি ৰাজধানী কহিমাৰ কালচাৰেল হলত বিয়লি একেৰাহে পঞ্চমবাৰৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ক'হিমাৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ উপস্থিতিত শপত গ্ৰহণ হ'ব।

Advertisment

শপত গ্ৰহণ অনুষ্ঠানত অসম, মণিপুৰ,অৰুণাচল প্ৰদেশ, ছিকিমৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা আৰ পি আই (এ)ৰ সভাপতি ৰামদাস আঠাৱালেকে ধৰি বিভিন্ন দল-সংগঠনে অংশগ্ৰহণ কৰিব। নিৰ্বাচনৰ পূৰ্বে মিত্ৰজোঁটৰ অংশীদাৰ বিজেপিৰ পৰা সমৰ্থন পত্ৰ লাভ কৰাৰ পিছত ৰিঅ’ই সোমবাৰে সন্ধিয়া ৰাজভৱনত নাগালেণ্ডৰ গৱৰ্ণৰ লা গণেছনক সাক্ষাৎ কৰি পৰৱৰ্তী চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে ।

উল্লেখ্য যে এনডিপিপি(২৫) আৰু বিজেপি(১২) দুয়োটাৰে ৬০ জনীয়া সদনত ৩৭ জন সদস্যৰ নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে । জানিব পৰামতে পুৱা দহজন মন্ত্ৰীয়ে নিযুক্তি পত্ৰ লাভ কৰিছে ।

Also Read: আজি ফাকুৱা, অসূয়া-অপ্ৰীতিৰ মাজত সম্প্ৰীতিৰ প্ৰতীক হৈ ৰওক ৰঙৰ উৎসৱটি

nagaland Neiphiu Rio amit shah narendra modi