উত্তৰ-পূব

নাগালেণ্ডত এনডিপিপি-বিজেপি নেতৃত্বাধীন চৰকাৰক সমৰ্থন এন চি পিৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, বেকাজানঃ নাগালেণ্ডৰ নেইফিউ ৰিঅ'ৰ এনডিপিপি-বিজেপি নেতৃত্বাধীন চৰকাৰক সমৰ্থন ঘোষণা এন চি পি অৰ্থাৎ জাতীয়তাবাদী কংগ্ৰেছ দলৰ। নাগালেণ্ড ৰাজ্যৰ বৃহত্তৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ৰিঅ’ৰ নেতৃত্ব গ্ৰহণ কৰাৰ কথা দলৰ মুৰব্বী শাৰদ পাৱাৰে ঘোষণা কৰে । এন চি পিৰ সাধাৰণ সম্পাদক তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰভাৰী নৰেন্দ্ৰ বাৰ্মাৰে কয় যে পুৱা দলৰ মুৰব্বী শাৰদ পাৱাৰে ৰিঅ’ৰ নেতৃত্ব গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এনচিপিৰ বিধায়ক পিক্টো শ্বোহেক এনচিপি বিধানসভা দলৰ নেতা, পি লংগনক উপ-নেতা, নামৰি ঞ্চাঙক মুখ্য হুইপ, ৱাই ম্হনবেমো হামটছ’ক হুইপ আৰু এছ টয়হো য়েপথোক মুখপাত্ৰ হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱতো পাৱাৰে অনুমোদন জনোৱা বুলিও প্ৰকাশ কৰা হৈছে। শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত এনচিপিয়ে প্ৰতিদ্বন্দ্বিতা কৰা ১২খন আসনৰ ভিতৰত ৭খন আসনত জয়লাভ কৰি বিৰোধী দলসমূহৰ ভিতৰত সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াইছিল।