উত্তৰ-পূব

বিৰোধী শূন্য হোৱাৰ দিশে নাগালেণ্ড বিধানসভা..

asomiyapratidin

ডিজিটেল সংবাদ ৱাখাঃ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ বিধানসভা পুনৰ বিৰোধীহীন হ'ল । এক নাটকীয় ৰাজনৈতিক ঘটনাক্ৰম অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙ নেতৃত্বৰ নাগালেণ্ডৰ প্ৰধান বিৰোধী দল নাগা পিপলছ ফ্ৰণ্টে শাসনাধিস্থত এন ডি পি পি আৰু বিজেপিৰ মিত্ৰজোঁটৰ পিপলছ ডেমক্ৰেটিক এলায়েন্সত চামিল হোৱাৰ সিদ্ধান্ত লৈছে ।

সোমবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙৰ ডিমাপুৰৰ বাসভৱন অনুষ্ঠিত দলৰ এক গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে । এন পি এফৰ বিধায়ক ইমকঙ এল ইমছনে সদৰী কৰামতে আজি দলৰ অন্য নেতাৰ সৈতে এন ডি ডি পিৰ নেতা তথা মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ক অৱগত কৰি এন পি এফৰ এই সিদ্ধান্ত আনুষ্ঠানিকভাৱে অৱগত কৰিব । অৱশ্যে শাসনাধিস্থত পিপলছ ডেমক্ৰেটিক এলায়েন্সৰ এন পি এফে চামিল হলেও এন ডি ডি পিত বিলয় নহয় বুলি স্পষ্ট কৰি দিছে ।

নাগা পিপলছ ফ্ৰণ্টে শাসনাধিস্থতপিপলছ ডেমক্ৰেটিক এলায়েন্সত চামিল হোৱাৰ সন্দৰ্ভত কয় যে বৰ্তমান ভাৰত চৰকাৰৰ সৈতে এন এছ চি এন আই এমৰ চলি থকা নগা ৰাজনৈতিক সমস্যাটোৰ সমাধান সুবিধাৰ বাবে এনেদৰে একত্ৰিত হোৱাৰ সিদ্ধান্ত লৈছে । ইফালে নাগা পিপলছ ফ্ৰণ্টে পিপলছ ডেমক্ৰেটিক এলায়েন্সৰ মিত্ৰজোঁটত চামিল হোৱাৰ বিষয়ত এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । উল্লেখযোগ্য যে ৬০ জনীয়া নাগালেণ্ড বিধানসভা বৰ্তমান পিপলছ ডেমক্ৰেটিক এলায়েন্স মিত্ৰজোঁটৰ ৩৪ গৰাকী বিধায়ক আছে আনহাতে বিৰোধী দল নাগা পিপলছ ফ্ৰণ্টৰ ২৫ গৰাকী বিধায়ক আছে ।মঙ্গলবাৰে যদি পিপলছ ডেমক্ৰেটিক এলায়েন্সত মিত্ৰজোঁটত ২৫ গৰাকী বিধায়কে যোগদান কৰে তেতিয়া নাগালেণ্ড বিধানসভা বিৰোধীহীন হৈ পৰিব ।