শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

নিউ মেক্সিকোত নগামূলৰ চিকিৎসকৰ নামত দিৱস উদযাপনঃ কোভিডৰ সংক্ৰমণ প্ৰতিহত কৰাত লৈছে বিশেষ ভূমিকা

ডিজিটেল সংবাদ ৱাখাঃ নিউ মেক্সিকোৰ কোভিড – ১৯ মহামাৰীৰ প্ৰতিৰোধ আৰু চিকিৎসাৰ বাবে আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে আমেৰিকাত কৰ্মৰত নগামূলৰ এগৰাকী বিশিষ্ট চিকিৎসক ড০ জনাথন ইৰালুক এক বিৰল সন্মানৰে সন্মানিত কৰা হৈছে। ১৯ জুলাইৰ অৰ্থাৎ সোমবাৰৰ দিনটো সমগ্ৰ মেক্সিকোত ড০ জনাথন ইৰালুৰ নামত ‘ ড০ জনাথন ইৰালু দিৱস ‘ হিচাবে উদযাপন কৰা হৈছে ।

উল্লেখ্য যে নিউ মেক্সিকোত কোভিড- ১৯ সংক্ৰমণ ঘটাৰ পূৰ্বে জনসাধাৰণৰ সুৰক্ষাৰ বাবে ড০ জনাথন ইৰালুৱে কোভিড পৰীক্ষাৰ এক সময়োচিত অভিযান চলাই প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিছিল । ফলত মেক্সিকোত কোভিড সজাগতা সৃষ্টি হয় । তদুপৰি ড০ ইৰালু বিশেষজ্ঞ চিকিৎসক দলে মেক্সিকোৰ নাগৰিকৰ বাবে উচ্চ গুণসম্পন্ন চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰে । কোভিড মহামাৰীৰ বিৰুদ্ধে আগবঢ়োৱা সেৱাৰ বাবে নিউ মেক্সিকোৰ গভৰ্নৰে সোমবাৰৰ দিনটো ‘ড০ জনাথন ইৰালু দিৱস’ হিচাবে উদযাপন কৰাৰ কথা ঘোষণা কৰে ।

উল্লেখযোগ্য যে ড০ জনাথন ইৰালু হৈছে নাগালেণ্ডৰ ঐতিহ্য গাঁৱ খনমাৰ বিশিষ্ট চিকিৎসক টেফটা জেদ ইৰালুৰ পুত্ৰ । বৰ্তমান তেওঁ ভাৰত চৰকাৰৰ স্বাস্থ্য সেৱা সংক্ৰামক ৰোগ বিভাগৰ মুখ্য পৰামৰ্শদাতা , হাৰ্বাড মেডিকেল স্কুলৰ শিক্ষক তথা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বষ্টনৰ গ্লবেল হেলথ ইকুইটিৰ জ্যেষ্ঠ চিকিৎসক । নগামূলৰ চিকিৎসক ড০ জনাথন ইৰালুক মেস্কিকোৰ গভৰ্নই এনেদৰে বিৰল সন্মানেৰে সন্মানিত কৰাত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৱে অভিনন্দন জ্ঞাপন কৰিছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি