উত্তৰ-পূব

নাগালেণ্ডে ৰচিলে ইতিহাস! ক্ষমতা দখলৰ পিনে এনডিপিপি-বিজেপি মিত্ৰজোঁট

Asomiya Pratidin

ডিজিটেল ডেস্ক: আজি ৩ খন ৰাজ্যত চলি আছে ভোটগণনা। মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাত হৈ থকা ভোট গণনাৰ ফলাফল প্ৰায় স্পষ্ট হৈ উঠিছে। কেইবাটাও সমষ্টিত সম্পূৰ্ণ হৈছে ভোট গণনা।

এইবাৰৰ নিৰ্বাচনত নাগালেণ্ডে ৰচিলে ইতিহাস। নাগালেণ্ডে ৰাজ্যৰ মৰ্যাদা লাভ কৰাৰ ৬০ বছৰ পাছত প্ৰথম বাৰৰ বাবে লাভ কৰে মহিলা বিধায়ক। বিজেপিৰ সহযোগী এনডিপিপিৰ প্ৰাৰ্থী হেকানি জাখালুৱে ডিমাপুৰ-৩ আসনৰ পৰা জয়লাভ কৰিছে।

৪৮ বছৰ বয়সীয়া মহিলা গৰাকী এগৰাকী অধিবক্তা। এইবাৰ নাগালেণ্ড বিধানসভা নিৰ্বাচনত মুঠ ১৮৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছিল। জাখালুৰ বিপৰীতে আছিল লোক জনশক্তি পাৰ্টীৰ আজেটো জিমোমী।

এন ডি পি পিৰ আন এগৰাকী মহিলা প্ৰাৰ্থী এছ ক্রুছৰো জয়লাভ কৰিছে। তেওঁ পশ্চিম আগামী আসনৰ পৰা জয়লাভ কৰিছে।

উল্লেখ্য যে, নাগালেণ্ডত এনডিপিপি-বিজেপি মিত্ৰজোঁটে পুনৰ ক্ষমতাৰ বাঘজৰী ধৰিবলৈ সাজু হৈছে।এনডিপিপি-বিজেপি মিত্ৰজোঁটে ইতিমধ্যে ৩খন আসনত জয়লাভ কৰাৰ বিপৰীতে প্ৰায় ৩৫ খন আসনত আগবাঢ়ি আছে।