উত্তৰ-পূব

দিল্লীত প্রধানমন্ত্রী নৰেন্দ্র মোডীক সাক্ষাৎ মুখ্যমন্ত্রী নেইফিউ ৰিঅ’, উপ-মুখ্যমন্ত্রী ৱাই পেট্টনৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, বেকাজানঃ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণৰ পিছত ১৩ মাৰ্চ, সোমবাৰে নতুন দিল্লীত নেইফিউ ৰিঅ’ই প্ৰথমবাৰৰ বাবে মন্ত্ৰী সভাৰ সতীৰ্থৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। ৰিঅ’ৰ সৈতে উপস্থিত আছিল উপ-মুখ্যমন্ত্ৰী ৱাই পেটন আৰু মন্ত্ৰী মেটছুবো জামিৰ।

শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত তেওঁলোকৰ এইটোৱেই প্ৰথম দিল্লী ভ্ৰমণ। নাগালেণ্ডৰ নাগৰিকসকলৰ প্ৰতি অহৰহ সহায় আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ৰিঅ’ই। মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত নতুন চৰকাৰে নাগালেণ্ডক উৎকৃষ্ট ৰাজ্য হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰিব আৰু প্ৰকৃত শান্তি আৰু উন্নয়নৰ সূচনা কৰিব।

উপ মুখ্যমন্ত্ৰী পেট্টনে প্ৰধানমন্ত্ৰীগৰাকীৰ সমৰ্থন, আশীৰ্বাদ, আৰু পথ প্ৰদৰ্শনৰ বাবেও কৃতজ্ঞতা প্ৰকাশ কৰে। কিয়নো তেওঁলোকে জনসাধাৰণৰ আকাংক্ষাক বাস্তৱায়িত কৰাৰ দিশত কাম কৰি এক সজীৱ নাগালেণ্ড গঢ়ি তোলাৰ দিশত কাম কৰে। দুয়োগৰাকী ৰাজ্যৰ নেতাই লোকসভাৰ অধ্যক্ষ ওম বিৰলাকো সাক্ষাৎ কৰে। ইয়াৰ উপৰিও ৰিঅ’ই কেন্দ্ৰীয় মন্ত্ৰী মহিলা শিশু উন্নয়ন আৰু সংখ্যালঘু পৰিক্ৰমা, স্মৃতি জুবিন ইৰানী আৰু কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী,ডনাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীকো সাক্ষাৎ কৰে।