file photo
file photo
উত্তৰ-পূব

নেইফিউ ৰিঅ'ক অসমৰ সৈতে যৌথভাৱে খাৰুৱা তেল উৎপাদনৰ চুক্তি প্ৰত্যাহাৰৰ দাবী নাগা নেচনেল পলিটিকেল গ্ৰুপৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, বেকাজান : নাগালেণ্ড আৰু অসমে যৌথভাৱে খাৰুৱা তেলৰ উত্তোলনৰ বাবে কৰা বুজাবুজিক চুক্তিত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে নাগা নেচনেল পলিটিকেল গ্ৰুপে। সাতটা বিদ্ৰোহী গোটৰ উমৈহতীয়া ৰাজনৈতিক মঞ্চ এন এন জি পিয়ে অসমৰ সৈতে খাৰুৱা তেল উৎপাদনৰ স্বাক্ষৰিত যিকোনো ধৰণৰ বুজাবুজিৰ চুক্তিপত্ৰ প্ৰত্যাহাৰ কৰিবলৈ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ক দাবী জনাইছে।

নাগা নেচনেল পলিটিকেল গ্ৰুপৰ ৱৰ্কিং কমিটীয়ে নেইফিউ ৰিঅৰ চৰকাৰক এই বুলি সকীয়াই দিছে যে এই নগা জাতিৰ গুৰুত্বপূৰ্ণ সন্ধিক্ষণত অসম চৰকাৰৰ সৈতে হোৱা যিকোনো চুক্তিক ‘নগাৰ অধিকাৰ বিক্ৰী কৰাৰ প্ৰত্যক্ষ প্ৰয়াস হিচাপে গণ্য কৰা হ’ব। ইয়াৰ পৰিণতি ব্যাপক আৰু কল্পনাতীত হ’ব।

উল্লেখযোগ্য যে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅ’ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা ২০ এপ্ৰিলত দুয়োখন ৰাজ্যৰ অৰ্থনৈতিক লাভৰ বাবে দুয়োখন ৰাজ্যৰ বিবাদিত সীমাৰ কাষৰীয়া অঞ্চলসমূহত তেল অন্বেষণৰ কাম আগবঢ়াই নিবলৈ নীতিগতভাৱে সন্মতি প্ৰকাশ কৰিছিল।

ৰিঅ’ই সাংবাদিকৰ আগত সদৰী কৰিছিল যে দুয়োখন ৰাজ্যই নীতিগতভাৱে বিবাদিত অঞ্চলসমূহত তেল অন্বেষণৰ ক্ষেত্ৰত বুজাবুজি চুক্তিৰ বাবে সিদ্ধান্ত লৈছে। যাতে তেল উলিয়াব পৰা যায়। এই তেলৰ পৰা লাভ কৰা ৰয়েল্টি পৰা নাগালেণ্ড আৰু অসম অৰ্থনৈতিকভাৱে লাভাম্বিত হ'ব। ইফালে সাতটা নাগা বিদ্ৰোহী গোটৰ উমৈহতীয়া মঞ্চত ৱৰ্কিংকমিটি আৰু নাগা নেচনেল পলিটিকেল গ্ৰুপে দেওবাৰে অসম-নাগালেণ্ড বিবদমান অমীমাংসিত সীমান্ত অঞ্চল আৰু খনিজ সম্পদৰ অন্বেষণৰ প্ৰচেষ্টা অগ্ৰাহ্য কৰিছে । ৱৰ্কিং কমিটীয়ে কয় যে অমীমাংসিত সীমান্ত অঞ্চলসমূহ ভাৰত-নগা ৰাজনৈতিক আলোচনাৰ এক মূল অংশ।

বিবাদিত অঞ্চলত তেল অনুসন্ধানৰ ক্ষেত্ৰত আলোচনা বা পাৰস্পৰিক চুক্তি কৰাৰ ক্ষমতা ৰাজ্য চৰকাৰসমূহৰ নাই । বৰ্তমান নাগালেণ্ড চৰকাৰে লোৱা এনে অপৰিপক্ক বুজাবুজিৰ চুক্তিৰ গুৰুতৰ পৰিণতি হ’ব পাৰে । ৱৰ্কিং কমিটিয়ে কয় যে, ‘ৰাজনৈতিক নেতাসকলে শান্তিপূৰ্ণ পৰিস্থিতিক ভূমি আৰু সম্পদক নিজৰ ইচ্ছামতে কাম কৰাৰ লাইচেন্স হিচাপে ল’ব নালাগে। নগাসকল ডিষ্টাৰ্ব এৰিয়া বেল্টৰ মাটিৰ গৰাকী আৰু এনে মাটিৰ ওপৰত ঐতিহাসিক আৰু প্ৰথাগত অধিকাৰ সুৰক্ষিত কৰাৰ তেওঁলোকৰ সম্পূৰ্ণ অধিকাৰ আছে।

তদুপৰি কমিটীয়ে কয় যে নাগালেণ্ডত বিৰোধীহীন চৰকাৰে ক্ৰমান্বয়ে স্বৈৰাচাৰীতাবাদৰ বৈশিষ্ট্য প্ৰদৰ্শন কৰিছে । উল্লেখযোগ্য যে বিগত ১৯৯৪ চনত এন এছ চি এনৰ হস্তক্ষেপ নাগালেণ্ডত খাৰুৱা তেলৰ উৎপাদন বন্ধ হৈ আছে। বিশেষকৈ তিতাবৰ বৰহোলা , গোলাঘাট জিলাৰ মেৰাপানী, উৰিয়ামঘাট আৰু শিৱসাগৰ জিলাৰ গেলেকী সীমান্তত থকা নাগালেণ্ডৰ খাৰুৱা উৎপাদনৰ ৰীগসমূহ বিগত ২৮ বছৰ ধৰি বন্ধ হৈ আছে।

সম্প্ৰতি অসমৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই দুয়োখন চুবুৰীয়া ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ কথা বিবেচনা কৰি এক বুজাবুজি স্বাক্ষৰ কৰিছিল । কিন্তু কালি নাগা পলিটিকেল গ্ৰুপে এই চুক্তিকলৈ কৰা হস্তক্ষেপে পুনৰ অনিশ্চয়তাৰ মাজলৈ লৈ গৈছে খাৰুৱা তেল উৎপাদনৰ বিষয়টো ।