মিজোৰামত ভূমিস্খলনত নিহত অসমৰ দুই শ্ৰমিক...
মিজোৰামত ভূমিস্খলনত নিহত অসমৰ দুই শ্ৰমিক... 
উত্তৰ-পূব

মিজোৰামত ভূমিস্খলনত নিহত অসমৰ দুই শ্ৰমিক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মিজোৰামত সংঘটিত হৈছে এক কৰুণ ঘটনা। ৰাজ্যখনত ৰে'লৱে ষ্টেচনৰ নিৰ্মাণকাৰ্যত জড়িত থকা দুজনকৈ শ্ৰমিকে ভূমিস্খলনৰ ফলত প্ৰাণ ত্যাগ কৰিবলগীয়া হোৱাৰ লগতে আন ২০ জন শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে।

বৃহস্পতিবাৰে এই ঘটনা সংঘটিত হৈছে মিজোৰামৰ কাউপুই ৰে'লৱে ষ্টেচনত। এই কাউপুই ৰে'লৱে ষ্টেচন আছে বাইৰাবি আৰু ছাইৰাং ৰে'লৱে লাইনৰ মাজত।

ঘটনাত নিহত শ্ৰমিক দুজনৰ এজন দীপক দত্ত (২৭) আৰু দুৰ্গা প্ৰসাদ পাছি (৫৩)। এওঁলোক দুয়োজনৰে ঘৰ নগাওঁ জিলাত। দুয়োগৰাকী শ্ৰমিকে ৰে'লৱেৰ নিৰ্মাণ প্ৰতিষ্ঠান আৰ এল কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ হৈ এই নিৰ্মাণকাৰ্যত জড়িত আছিল।