উত্তৰ-পূব

আজি ঘোষণা হ'ব মিজোৰাম বিধানসভা নিৰ্বাচনৰ ফলাফল

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি ঘোষণা হ'ব মিজোৰাম বিধানসভা নিৰ্বাচনৰ ফলাফল। ৪০ খন আসনৰ বাবে অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন। ৪ খন ৰাজ্যৰ লগতে মিজোৰামৰ বিধানসভা নিৰ্বাচনতো লক্ষ্য আছিল জনতাৰ।

ইতিমধ্যে ৩ ৰাজ্য ক্ৰমে- ৰাজস্থান, মধ্যপ্ৰদেশ আৰু চত্তিশগড়ৰ নিৰ্বাচন জয়ী হৈছে বিজেপি। আনহাতে তেলেংগানাত জয়ী হৈছে কংগ্ৰেছ। ৩ ডিচেম্বৰতে ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ কথা আছিল। কিন্তু খ্ৰীষ্টানবহুল মিজোৰামৰ জনতাই দেওবাৰে প্ৰাৰ্থনা কৰিবলৈ যায় বাবে তেওঁলোকৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি ফলাফল ঘোষণাৰ দিন সলনি কৰা হৈছিল।

৩ খন ৰাজ্যতে একক সংখ্যাগৰিষ্ঠতা লাভ কৰা বিজেপিয়ে মিজোৰামতো মিত্ৰজোটৰ চৰকাৰ গঠন কৰিব বুলি আশা কৰা হৈছে। অপেক্ষা মাথো কেইটামান সময়লৈ। তাৰপাছতে ওলাই পৰিব নিৰ্বাচনী ফলাফল।