নাগালেণ্ড বিজেপিৰ ! মেঘালয়ত ওলমা চৰকাৰ...
নাগালেণ্ড বিজেপিৰ ! মেঘালয়ত ওলমা চৰকাৰ... 
উত্তৰ-পূব

নাগালেণ্ড বিজেপিৰ ! মেঘালয়ত ওলমা চৰকাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৬০ খন আসনৰ মেঘালয় বিধানসভাত এই পৰ্যন্ত কনৰাড চাংমা নেতৃত্বাধীন এন পি পিয়ে ১৬ খন আসনত আগবাঢ়ি আছে। আনহাতে ৰাজ্যখনত বিজেপি ৮ খন আসনত আগবাঢ়ি আছে।

সেইদৰে কংগ্ৰেছ ৯ খন আৰু তৃণমূল কংগ্ৰেছ ১৬ খনকৈ আসনত আগাবাঢ়ি আছে। ইয়াৰ পৰা মেঘালয়ত যে এখন ওলমা চৰকাৰ হ'ব সেই কথা স্পষ্ট হৈছে।

৬০ খন আসনৰ নাগালেণ্ড বিধানসভা পুনৰবাৰ বিজেপি মিত্ৰজোঁটৰ হাতলৈ যোৱাটো নিশ্চিত। নাগালেণ্ডত এই পৰ্যন্ত বি জি পি মিত্ৰজোঁট ৫০ খনৰো আসনত আগবাঢ়ি আছে।

এন পি এফ আগবাঢ়ি আছে ৬ খন আসনত আৰু কংগ্ৰেছ মাত্ৰ ১ খন আসনত আগবাঢ়ি আছে। ৰাজ্যখনত এইবাৰ যে বিজেপি মিত্ৰজোঁটৰ চৰকাৰে একক সংখ্যাগৰিষ্ঠতাৰে পুনৰবাৰ চৰকাৰ গঠন কৰিব সেয়া নিশ্চিত।