উত্তৰ-পূব

দোকানত জন্তুৰ মৃতদেহ ওলোমাই ৰখাত নিষেধাজ্ঞা আৰোপ কৰক মেঘালয় চৰকাৰেঃ উচ্চ ন্যয়ালয়

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা মেঘালয়ত দেখা পোৱা নাযাব ওলোমাই থোৱা জন্তুৰ মৃতদেহ।  মেঘালয় উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক এক নিৰ্দেশৰ জৰিয়তে  ৰাজ্যৰ  মাংসৰ দোকানত জন্তুৰ মৃতদেহ প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰিবলৈ কয়। উচ্চ ন্যায়ালয়ে জনহিতাৰ্থে দাখিল হোৱা এক আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিয়ে।

মুখ্য ন্যায়ধীশ সঞ্জীৱ বেনাৰ্জীৰ বিচাৰপীঠে নিৰ্দেশনাত কয় যে, ৰাজ্য চৰকাৰে  মাংসৰ দোকানত  জন্তুৰ মৃতদেহ প্ৰদৰ্শনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰাটো ভাল। অৱশ্যে সেইবোৰ ৰেফ্ৰিজেৰেটৰ বা আন যিকোনো পাত্ৰত ৰাখিব পাৰিব। জন্তুৰ মৃতদেহ এটা পৰিসৰৰ ভিতৰতো প্ৰদৰ্শন কৰিব পাৰিব , কিন্তু ৰাজহুৱাভাৱে বা ওলোমাই ৰাখিব নোৱাৰিব।

লগতে কয় যে, "আশা কৰা হৈছে যে এনে ধৰণৰ ত্ৰুটিবোৰ সমাধান কৰা হ'ব। তদুপৰি মানুহৰ বাবে ব্যৱহাৰ কৰিলেও জন্তুৰ প্ৰতি ৰাজ্য চৰকাৰে নৈতিক আচৰণ নিশ্চিত কৰিব। এই সন্দৰ্ভত ৰাজ্য চৰকাৰে কয় যে, এই সম্বন্ধে ২০২২ চনৰ জুন মাহত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।

বিচাৰপীঠে কয় যে কেন্দ্ৰীয় আইন আৰু স্থানীয় নিয়মাৱলী স্বত্বেও আৱেদনসমূহে এয়াই প্ৰদৰ্শন কৰিছে যে নিৰ্দেশনা মানি চলা হোৱা নাই।

উল্লেখ্য যে, জনহিতৰ বাবে আবেদনখন দাখিল কৰিছিল ''গো জ্ঞান ফাউণ্ডেশ্যন'' নামৰ এটা বেচৰকাৰী সংস্থাই। এই সংস্থাটোৱে গৰুৰ সুৰক্ষাৰ বাবে কাম কৰে।