উত্তৰ-পূব

মূল্যবৃদ্ধি! পেট্ৰ'লৰ মূল্য ১৭০, ৰন্ধন গেছৰ ১৮০০ লৈ বৃদ্ধি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মূল্যবৃদ্ধিয়ে জ্বলাকলা খুৱাই জনতাক। বিভিন্ন সময়ত ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়েও জনতাৰ মাজত হাহাকাৰৰ সৃষ্টি কৰে। ইয়াৰ মাজতে পুনৰ বৃদ্ধি পাইছে ৰন্ধন গেছৰ লগতে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য।

মণিপুৰৰ হিংসাৰ পাছতে ৰাজ্যখনৰ বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আকাশলংঘী হৈছে। ৰন্ধন গেছ, পেট্ৰ'লৰ উপিৰও আলু, পিয়াজ, চাউল আদিৰ মূল্য দুগুণ বৃদ্ধি হৈছে। ৫০ কিলোগ্ৰাম চুপাৰফাইন চাউলৰ মূল্য পূৰ্বৰ ৯০০ টকাৰ সলনি এতিয়া ১৮০০ লৈ বৃদ্ধি হৈছে।

আনহাতে আলু, পিয়াজৰ মূল্যও প্ৰতিকিলোত ২০ৰ পৰা ৩০ টকা পৰ্যন্ত বৃদ্ধি পাইছে। ৰন্ধন গেছৰ মূল্য কিছুমান ঠাইত ১৮০০ হোৱাৰ লগতে পেট্ৰ'লৰ মূল্যও ১৭০ টকালৈ বৃদ্ধি পাইছে। প্ৰায় সকলো সামগ্ৰীৰে মূল্যবৃদ্ধি হৈছে মণিপুৰত।

উল্লেখ্য যে, কিছুদিন পূৰ্বে মণিপুৰত হিংসাত্মক কাৰ্যকালাপ সংঘটিত হৈছিল। যাৰ ফলত বহুলোকে প্ৰাণ হেৰওৱাৰ লগতে বহু আহত হৈছিল। ৰাজ্যখনত বন্ধ কৰি দিয়া হৈছিল ইন্টাৰনেট সেৱা, জাৰি কৰা হৈছিল কাৰ্ফিউ।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰইও প্ৰেৰণ কৰিছিল নিৰাপত্তাৰক্ষী। এইবোৰ কাৰণতে মণিপুৰলৈ বস্তু আমদানীৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছিল আৰু এতিয়া সামগ্ৰীৰ মূল্যই জুৰুলা কৰিছে সাধাৰণ জনতাক।