উত্তৰ-পূব

মিজোৰামত ৩৭.৭৫ কোটি টকাৰ হেৰ'ইন জব্দ

Asomiya Pratidin

ডিজিটেল সংবাদ,শিলচৰ : চুবুৰীয়া ৰাজ্য মিজোৰামত বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে অসম ৰাইফলছে আৰু মিজো আৰক্ষীয়ে।‌ মিজোৰামৰ চাম্পাই জিলাৰ জোখাৱথৰ এলেকাৰ মেলবুক ৰোডত এখন বাহনত তালাচী চলাই অসম ৰাইফলছ আৰু মিজো আৰক্ষীয়ে জব্দ কৰে এই বৃহৎ পৰিমাণৰ হেৰ'ইনখিনি।

জানিব পৰামতে, বাহনখনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰা হয় ৩৯৬ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ। বাকচ কেইটাৰ পৰা জব্দ কৰা হেৰ'ইনৰ ওজন ৫.৩৯৪ কেজি । আন্তঃৰাষ্ট্ৰীয় বজাৰত জব্দকৃত হেৰ'ইনখিনিৰ মূল্য প্ৰায় ৩৭ কোটি ৭৫ লাখ বুলি অসম ৰাইফলছে জানিবলৈ দিয়ে।

উক্ত ঘটনাৰে জড়িত থকাৰ অভিযোগত এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত সৰবৰাহকাৰীজনৰ নাম ভি লালৰাম ছুয়ান মাইৱা। তেওঁৰ ঘৰ চাম্পাই জিলাৰ ভেংথৰত।