উত্তৰ-পূব

বিদ্ৰোহী সংগঠনলৈ চৰকাৰী পুঁজি যোগান

Asomiya Pratidin

ডিজিটেল সংবাদ, ৱাখা : বিদ্ৰোহী সংগঠনক চৰকাৰী পুঁজিৰ যোগানৰ অভিযোগত এন এছ চি এন-আই এমৰ এগৰাকী শীৰ্ষনেত্ৰী তথা জিপিআৰএনৰ চৰকাৰৰ এগৰাকী কিলোনচাৰ অৰ্থাৎ মন্ত্ৰী আলেমলা জামিৰৰ জামিন আবেদন খাৰিজ কৰিছে দিল্লীৰ আদালতে।

শুকুৰবাৰে জামিন নাকচ কৰি আদালতে কয় যে বিদ্ৰোহী গোটটোৱে নাগালেণ্ডত সমান্তৰাল চৰকাৰ চলাই থকাৰ প্ৰমাণ পোৱা গৈছে। বিশেষ ন্যায়াধীশ শৈলেন্দৰ মালিকে জামিৰৰ সহ অভিযুক্ত মাছাছাছং আওৰ জামিন আবেদনকো খাৰিজ কৰি কয় যে যদিও এন এছ চি এন (আই এম) আৰু কেন্দ্ৰৰ মাজত যুদ্ধবিৰতিৰ আলোচনা চলি আছে । তথাপিও চুক্তিসমূহত স্পষ্টকৈ কোৱা হৈছে যে কেৱল সেনা, অৰ্ধসামৰিক বাহিনী আৰু স্থানীয় আৰক্ষীৰ হাতত টহল দিয়াৰ ক্ষমতা থাকিব আনহাতে এন এছ চি এন-এ ৰাজ্যখনৰ কোনো সম্পত্তিত এম্বুছ, ৰেইড, স্নাইপিং আৰু আক্ৰমণৰ দৰে কোনো আক্ৰমণাত্মক অভিযান গ্ৰহণ কৰিব নোৱাৰিব ।

গতিকে ‘জামিৰৰ সৈতে অস্ত্ৰ উদ্ধাৰ হোৱাৰ লগতে সমান্তৰাল চৰকাৰ চলোৱাৰ প্ৰমাণো পোৱা গৈছে। যিটো কোনো শান্তি চুক্তিৰ অধীনত কেতিয়াও গ্ৰহণযোগ্য নহয় । তদুপৰি জামিৰৰ স্বামী ইতিমধ্যে চীনলৈ পলায়ন কৰি আছে কাৰণ আবেদনকাৰীয়ে ন্যায়িক প্ৰক্ৰিয়াৰ পৰা আঁতৰি পলায়ন কৰাৰ সম্ভাৱনা আছে আৰু স্থানীয় সাক্ষীকো প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে। সেয়ে আদালতে জমিৰৰ জামিন আবেদন নাকচ কৰা হৈছে ।

উল্লেখযোগ্য যে দিল্লীৰ পৰা ডিমাপুৰলৈ যোৱাৰ সময়তে দিল্লী বিমানবন্দৰত এন এছ চি এনৰ শীৰ্ষনেত্ৰী জমিৰৰ সৈতে ৭২ লাখ টকা উদ্ধাৰ হৈছিল। জমিৰৰ অধিবক্তা এম এছ খানে আদালত আবেদন জনাই এই বুলি যুক্তি দৰ্শাই যে যোৱা কেইবাটাও দশক ধৰি কেন্দ্ৰ আৰু এন এছ চি এন (আই এম)ৰ মাজত শান্তি আলোচনা চলি আছে। আৰু সেয়ে ই কোনো সন্ত্ৰাসবাদী সংগঠন নহয়।

উল্লেখযোগ্য যে জমিৰ যোৱা দুবছৰতকৈ অধিক সময় ধৰি দিল্লীয কাৰাগাৰত বন্দী হৈ আছে। ইফালে এন আই এয়ে জামিন আবেদনৰ বিৰোধিতা কৰি কয় যে সাক্ষীৰ বক্তব্যৰ ৰূপত পৰ্যাপ্ত অপৰাধমূলক প্ৰমাণ আছে। অভিযুক্ত দুয়োজনেই আনৰ লগতে অপৰাধমূলক ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি প্ৰতিষ্ঠা কৰা ডিজিটেল প্ৰমাণ আছে। তদুপৰি জমিৰৰ স্বামী ফুংথিং শ্বিমৰাং চীনলৈ পলায়ন কৰাৰ বাবে এজন পলাতক অভিযুক্ত গতিকে তেওঁক যদি জামিন দিয়া হয় তেন্তে তেওঁৰো ন্যায়িক প্ৰক্ৰিয়াৰ পৰা পলায়নৰ সম্ভাৱনা অতিশয় বেছি।