আজিৰে পৰা আৰম্ভ নৱম মিজোৰাম বিধানসভাৰ শীতকালীন অধিৱেশন...
আজিৰে পৰা আৰম্ভ নৱম মিজোৰাম বিধানসভাৰ শীতকালীন অধিৱেশন... 
উত্তৰ-পূব

আজিৰে পৰা আৰম্ভ নৱম মিজোৰাম বিধানসভাৰ শীতকালীন অধিৱেশন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হৈছে মিজোৰাম বিধানসভাৰ শীতকালীন অধিৱেশন। ৰাজ্যখনৰ শেহতীয়া নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতাকৰে জোৰাম পিপলছ মোভমেণ্টে প্ৰথমবাৰৰ বাবে আৰু সামগ্ৰীকভাৱে নৱমখন চৰকাৰ গঠন হৈছে। জোৰাম পিপলছ মোভমেণ্টে দলটোৰ নেতা লালডুহোমা ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী।

আজিৰে পৰা আৰম্ভ হোৱা এই অধিৱেশন মুঠ তিনিদিন ধৰি চলিব। ইয়াৰে প্ৰথমটো দিনত অধ্যক্ষ নিৰ্বাচনৰ লগতে বিধানসভালৈ নিৰ্বাচিত হোৱা সদস্যসকলৰ শপতবাক্য পাঠ অনুষ্ঠান অনুস্থিত হ'য়। সভাৰ অস্থায়ী অধ্যক্ষ লাল ফামকিমাই সদস্যসকলক শপতগ্ৰহণ কৰোৱাই।

দ্বিতীয়টো দিনত ৰাজ্যখনৰ ৰাজ্যপালে বিধানসভাত প্ৰদান কৰিব তেওঁৰ ভাষণ। ইয়াৰ পৰৱৰ্তী দিনটোত উপাধ্যক্ষ নিৰ্বাচন কৰা হ'ব। ইয়াৰোপৰি আছে আন কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী।