বলিউড অভিনেত্ৰী ছানী লিয়নীৰ ফেশ্বন শ্ব'ৰ পূৰ্বে বোমা বিস্ফোৰণ...
বলিউড অভিনেত্ৰী ছানী লিয়নীৰ ফেশ্বন শ্ব'ৰ পূৰ্বে বোমা বিস্ফোৰণ...  
উত্তৰ-পূব

বলিউড অভিনেত্ৰী ছানী লিয়নীৰ ফেশ্বন শ্ব'ৰ পূৰ্বে বোমা বিস্ফোৰণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বাতিল হ'ল মণিপুৰত হ'বলগীয়া ফেশ্বন শ্ব'ৰ কাৰ্যসূচী। আজি পুৱা সংঘটিত হোৱা এক বোমা বিস্ফোৰণৰ ঘটনাৰ বাবেই বাতিল কৰা হৈছে এই ফেশ্বন শ্ব'ৰ কাৰ্যসূচী।

উল্লেখ্য যে ইম্ফলত অনুষ্ঠিত হ'বলগীয়া এই ফেশ্বন শ্ব'ত অশংগ্ৰহণকৰাৰ কথা আছিল বলিউড অভিনেত্ৰী ছান্নী লিয়নী। পিছে আজি পুৱাই ফেশ্বন শ্ব' অনুষ্ঠিত হোৱাৰ স্থানত হেণ্ড গ্ৰেণেড বিস্ফোৰণৰ বাবে প্ৰশাসনে নিৰাপত্তাৰ বাবেই দেওবাৰে অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠান বাতিল কৰিছ।

মন কৰিবলগীয়া যে, হাউছ অৱ আলীয়ে হেণ্ডলুমৰ প্ৰচাৰৰ বাবে আয়োজন কৰিছিল এই অনুষ্ঠানৰ।