উত্তৰ-পূব

মণিপুৰ ম'ৰেৰ সীমান্তত ১২ কোটি টকাৰ WY টেবলেট জব্দ

Asomiya Pratidin

ডিজিটেল সংবাদ, ৱাখা : এক গোপন সূত্ৰৰ পম খেদি সেনাই মণিপুৰৰ সীমান্তৱৰ্তী চহৰ ম'ৰেত নিৰাপত্তা বাহিনীয়ে সীমান্ত ৩ নং পিলাৰৰ ওচৰত ম্যানমাৰৰ পৰা সীমা অতিক্ৰম কৰি সৰবৰাহ খোজা ২৩ কিলোগ্ৰাম নিচাযুক্ত ডব্লিউ ৱাই টেবলেট জব্দ কৰে ।

জানিব পৰামতে ম'ৰেত সেনাই নিয়মীয়া টহলৰ দিয়াৰ সময়ত এই অভিযানৰ এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি উদ্ধাৰ কৰে । নিচাযুক্ত টেবলেটখিনিৰ মূল্য প্ৰায় ১২ কোটি টকা । উল্লেখযোগ্য যে ভাৰত-ম্যানমাৰ সীমান্ত পাৰ হৈ মণিপুৰলৈ নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰিবলৈ চেষ্টা কৰা দুজন ব্যক্তিক আটক কৰিবলৈ লওঁতে নিৰাপত্তাৰক্ষীৰ দলৰ মুখামুখি হোৱাত সন্দেহযুক্ত চোৰাংচোৱাকেইটাই এটা টোপোলা এৰি পুনৰ ম্যানমাৰৰ ভূখণ্ডলৈ পলায়ন কৰে।

অঞ্চলটোত তালাচী চলাই সেনাই মুঠ ২৩.৪২০০ কিলোগ্ৰাম ওজনৰ ডব্লিউ ৱাই টেবলেটৰ ২০ পেকেট থকা এটা প্লাষ্টিকৰ টোপোলা উদ্ধাৰ কৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰত জব্দ কৰা নিচাজাতীয় সামগ্ৰীৰ আনুমানিক মূল্য ১২.৬ কোটি টকা ।