himanta
himanta  
উত্তৰ-পূব

ভোট গণনাৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক: ২ মাৰ্চত ঘোষণা হ'ব মেঘালয় বিধানসভা নিৰ্বাচনৰ ফলাফল। ইয়াৰ পূৰ্বে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই গুৱাহাটীত আহি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে।

জানিব পৰা মতে শৰ্মাই মঙলবাৰে নিশা গুৱাহাটীৰ এখন হোটেলত সাক্ষাৎ কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী গৰাকীক।

এনপিপি নেতৃত্বাধীন মেঘালয় ডেমক্ৰেটিক এলায়েন্সৰ (এমডিএ) অংশ হিচাপে বিজেপি আৰু এনপিপিয়ে যোৱা পাঁচ বছৰ ধৰি মেঘালয়ত চৰকাৰ চলাই আহিছে। কিন্তু দুয়োটা দলে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল।

অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই মঙলবাৰে কয় যে ত্ৰিপুৰা, নাগালেণ্ড বা মেঘালয়ত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে এন ডি এ চৰকাৰ গঠন কৰিব।