অসম ৰাইফলছ আৰু NSCN (KYA) ৰ মাজত সংঘৰ্ষঃ দুধৰ্ষ কেডাৰ নিহত...
অসম ৰাইফলছ আৰু NSCN (KYA) ৰ মাজত সংঘৰ্ষঃ দুধৰ্ষ কেডাৰ নিহত... 
উত্তৰ-পূব

অসম ৰাইফলছ আৰু NSCN (KYA) ৰ মাজত সংঘৰ্ষঃ দুধৰ্ষ কেডাৰ নিহত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ যিসময়ত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ স্থায়ী শান্তিৰ বাবে বিভিন্ন সন্ত্ৰাসবাদী গোটৰ সৈতে শান্তি চুক্তি সম্পন্ন কৰাৰ লগতে দক্ষিণ পূৱ এছিয়াৰে অন্যতম শক্তিশালী সশস্ত্ৰ সংগঠন এন এছ চি এনৰ সৈতেও শান্তি চুক্তিৰ বাবে বদ্ধ পৰিকৰ হৈছে সেই সময়তে চুবুৰীয়া অৰুণাচলত NSCN (KYA) গোটৰ সৈতে অসম ৰাইফলছৰ সংঘৰ্ষ হোৱা ঘটনাই ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে।

অৰুণাচলত সংঘটিত হোৱা এই সংঘৰ্ষত এগৰাকী NSCN (KYA) ৰ কেডাৰ নিহত হৈছে। নিহত এই কেডাৰগৰাকীৰ নাম কেপ্টেইন জেমছ। তেওঁৰ পৰা পিষ্টল, নগদ ধন আৰু আপত্তিজনক নথিপত্ৰ।

উল্লেখ্য যে, অসম ৰাইফলছৰ ১১ নং বেটেলিয়নৰ এটা টহলদাৰী গোটৰ সৈতে হৈছিল এই সংঘৰ্ষ। ইতিমধ্যে নিহত NSCN ৰ কেডাৰগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।