নিৰ্বাচনৰ প্ৰাকক্ষণত অৰুণাচলত AFSPAৰ ম্যাদ বৃদ্ধি...
নিৰ্বাচনৰ প্ৰাকক্ষণত অৰুণাচলত AFSPAৰ ম্যাদ বৃদ্ধি... 
উত্তৰ-পূব

নিৰ্বাচনৰ প্ৰাকক্ষণত অৰুণাচলত AFSPAৰ ম্যাদ বৃদ্ধি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত চুবুৰীয়া অৰুণাচল প্ৰদেশৰ ৩ খন জিলাত ক'লা আইন হিচাপে পৰিচিত Armed Forces (Special Powers) Act চমুকৈ AFSPA ৰ ম্যাদ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এক নিৰ্দেশনাৰ জৰিয়তে এই বিষয়ে অৱগত কৰিছে।

ৰাজ্যখনৰ টিৰাপ, চাংলাং, লংডিং জিলাত এই আইনৰ ম্যাদ বৃদ্ধি কৰা হৈছে। আনহাতে নামচাই জিলাৰ এই আইনৰ ম্যাদ ৬ মাহলৈ বৃদ্ধি কৰা হৈছে। জিলাখনৰ ৩ খন আৰক্ষী থানাৰ অধীনস্থ এলেকাত এই আইন বাহাল থাকিব। অহা ১ এপ্ৰিলৰ পৰা এই নিৰ্দেশনা কাৰ্যকৰী হ'ব।