উত্তৰ-পূব

চুবুৰীয়া ৰাজ্য মণিপুৰত মাৰণাস্ত্ৰ উদ্ধাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰঃ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। গোপন তথ্যৰ ভিত্তিত অভিযান চলাই অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে চুৰাচান্দ জিলাৰ পৰা জব্দ কৰিছে কেবাটাও অত্যাধুনিক মাৰণাস্ত্ৰ। চুৰাচান্দপুৰ জিলাৰ টি লাঞ্চাহ গাঁৱত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে মেগাজিন সহ ১টা AK 47 ৰাইফল আৰু ২টা INSAS ৰাইফল উদ্ধাৰ কৰিছে।

মেগাজিন ভৰ্তি ৰাইফল কেইটা জব্দ কৰা হ'লেও এই সংক্ৰান্তত কোনো লোকক আটক কৰা হোৱা নাই। অশান্ত জৰ্জৰ মণিপুৰৰ বিভিন্ন জিলাত এতিয়াও বহু অবৈধ মাৰণাস্ত্ৰ লুকুৱাই ৰখা হৈছে বুলি সন্দেহ কৰিছে নিৰাপত্তা বাহিনীয়ে।