APPSC কেলেংকাৰীঃ ২২ স্থায়ী সদস্যসহ ৪২ জনক গ্ৰেপ্তাৰ...
APPSC কেলেংকাৰীঃ ২২ স্থায়ী সদস্যসহ ৪২ জনক গ্ৰেপ্তাৰ... 
উত্তৰ-পূব

APPSC কেলেংকাৰীঃ ২২ স্থায়ী সদস্যসহ ৪২ জনক গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এপিপিএছচিৰ প্ৰশ্ন কাকত ফাদিল আৰু কেলেংকাৰীত জড়িতক গ্ৰেপ্তাৰৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি পাইছে। এই ৪২ জন লোকৰ ভিতৰত এপিপিএছচিৰ ২২ জন স্থায়ী সদস্য। যাৰ বাবে এতিয়া সমগ্ৰ অৰুণাচলতেই নহয়, বৰঞ্চ দেশজুৰি চাঞ্চল্য সৃষ্টি কৰিছে।

উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাক কেন্দ্ৰ কৰি অৰুণাচলত প্ৰতিবাদৰ মাজতে ব্যাপক হিংসাত্মক পৰিস্থিতিৰ সূচনা হৈছিল। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘাতৰ পৰিণতিত দুয়োপক্ষৰ প্ৰায় ১০ জন লোক গুৰুতৰ ভাৱে আঘতপ্ৰাপ্ত হোৱাৰ মাজতে আত্মহত্যাৰ দৰে পথ বাচি লৈছিল এপিপিএছচিৰ শীৰ্ষ সহকাৰী পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বত থকা টুমি গাংকাকে।

টুমি গাংকাকক এপিপিএছচিৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছতে তেওঁক দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছিল আৰু চি বি আইৰ ওচৰত হাজিৰ হৈছিল। পৰৱৰ্তী সময়ত তেওঁ নিজকে নিৰ্দোষী বুলি এটা হোৱাটছএপ গ্ৰুপত উল্লেখ কৰি আত্মহত্যা কৰিছিল।

এপিপিএছচিৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবেই বাতিল কৰিবলগীয়া হৈছিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভ্ৰমণ কাৰ্যসূচী। বাতিল হৈছিল আয়োগৰ নৱ নিযুক্তি অধ্যক্ষ শান্তলু দয়ালৰো শপত গ্ৰহণ অনুষ্ঠান।

উল্লেখ্য যে প্ৰশ্নকাকত ফাদিল ঘটনাৰ তদন্ত এতিয়াওঁ শেষ হোৱা নাই। এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনৰ গৃহমন্ত্ৰী বামাং ফেলিক্স আৰু ছাত্ৰ সংগঠনসমূহৰ মাজত আলোচনা অব্যাহত আছে। আলোচনাৰ অন্তত আয়োগত ২০১৪ ৰ পৰা ২২ লৈ যিসকল অধ্যক্ষ, সচিব, সদস্য আদি পদত দায়িত্বত আছিল তেওঁলোককো তদন্তৰ আওঁতালৈ আনিবলৈ গৃহমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰিছে।