উত্তৰ-পূব

মণিপুৰৰ ন’নী জিলাত সংঘটিত মৰ্মান্তিক বাছ  দুৰ্ঘটনা...

Asomiya Pratidin

ডিজিটেল সংবাদ, ৱাখা : মণিপুৰৰ ন’নী জিলাত বুধবাৰে বিদ্যালয়ৰ শিক্ষাৰ্থী কঢ়িয়াই নিয়া দুখন বাছৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত অতিকমেও ১৫ গৰাকী স্কুলীয়া শিশু নিহত হোৱাৰ লগতে ৪০ জন গুৰুতৰভাৱে আহত হয়। 

প্ৰাপ্ত খবৰমতে, মণিপুৰৰ ন'নীৰ বিষ্ণুপুৰ-খৌপুম পুৰণি কাছাৰ পথৰ কাষত দুয়োখন বাছৰ এই দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰামতে থাম্বালনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আজি পুৱাই ক্ষেত্ৰভিত্তিক অধ্যয়ন ভ্ৰমণৰ বাবে ন’নীৰ খৌপুমলৈ দুখন বাছত উঠি গৈ আছিল তেনেতে বাছখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলোলাৱৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

আৰক্ষীয়ে সদৰী কৰা মতে, কন্যা ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই অনা বাছখন চালকে নিয়ন্ত্ৰণ হেৰুৱাই বাছখন বাগৰি পৰে। লংছাই টুবুং গাঁৱৰ সমীপত শিশু কঢ়িওৱা বাছসমূহ বাগৰি পৰাত আৰু ৪০ গৰাকীশিক্ষাৰ্থী গুৰুতৰভাৱে আহত হয়। আহতসকলক ততাতৈয়াকৈ ইম্ফলৰ মেডিচিটি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

বাছ দুখন য়াৰিপকৰ থাম্বালনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আছিল। তেওঁলোক ক্ষেত্ৰত ভিত্তিক ভ্ৰমণৰ বাবে খৌপুম অভিমুখে ৰাওনা হৈছিল। ইফালে এই দুৰ্ঘটনাৰ পিছত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ইম্ফলত আহত ছাত্ৰ-ছাত্ৰীক সাক্ষাৎ কৰে । মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কয়, "আমি সকলো ভুক্তভোগীলৈ সমবেদনা জ্ঞাপন কৰিছো। আমি বিদ্যালয়-মহাবিদ্যালয়সমূহক অনুৰোধ কৰিছো যে পুৱা আৰু গভীৰ সন্ধিয়া কোনো ধৰণৰ যাত্ৰা নকৰিব।"

চৰকাৰে নিহত আত্মীয়ক ৫ লাখ টকা আৰ্থিক সাহায্য ঘোষণা কৰিছে ।