উত্তৰ-পূব

নাগালেণ্ড বিধানসভাৰ বাবে ৪৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল

Asomiya Pratidin

ডিজিটেল সংবাদ, ৱাখা : ৬০ জনীয়া নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে সোমবাৰে বিভিন্ন ৰাজনৈতিক দলৰ মুঠ ৪৫ গৰাকী প্ৰাৰ্থীয়ে নিজ নিজ দলৰ হৈ মনোনয়ন দাখিল কৰে। ইয়াৰ ভিতৰত ফেক জিলাত ১২ জন, ডিমাপুৰৰ ৮ জন, ৱাখাৰ ৭ জন , লংলেঙৰ ৬ জন , ঝুনহেবটো ৫ জন, পেৰেনত ৩ জন, চুমকেডিমাৰ পৰা ৩ জন আৰু চেমিনিউৰ এজন প্ৰাৰ্থী।

মনোনয়ন দাখিল কৰা কেইবা গৰাকীমান হাই প্ৰফাইল নেতা হৈছে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ । তেওঁ উত্তৰ আংগামী ৩ নং সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিছে । আনহাতে উপ-মুখ্যমন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী, য়ান্থুংগো পেট্টনে ৩৭ নং টিয়ুই বিধানসভা সমষ্টিৰ ৰিটাৰ্নিং অফিচাৰৰ সন্মুখত মনোনয়ন দাখিল কৰে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এনডিপিপিৰ প্ৰাৰ্থী টি.আৰ. জেলিয়াঙে ৭-পেৰেন বিধানসভা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে। পৰিকল্পনা আৰু সমন্বয় মন্ত্ৰী এনডিপিপিৰ পৰা নেইবা ক্ৰ’নুৱে ১৬ নং ফুটচেৰো বিধানসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে। ৫০ নং লংলেঙ সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে এনডিপিপিৰ স্বাস্থ্য মন্ত্ৰী এছ পাংয়ু ফমে।

মন্ত্ৰী কৃষি আৰু এনডিপিপিৰ প্ৰাৰ্থী জি কাইটো আয়ে ৩৬ নং সাটাখাত সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে। ডিমাপুৰৰ সমষ্টিৰ বাবে উপদেষ্টা, টভিহোটো আয়েমিয়ে মনোনয়ন দাখিল কৰে । এনডিপিপিৰ পৰা ৰাজ্যসভাৰ প্ৰাক্তন সদস্য কে.জি কেনিয়ে, এল জে পিৰ দলৰ হৈ পৰা চোটিছুহ চাজো আৰু য়িটাচুৱে আৰু এনপিএফৰ পৰা আচুম্বেমো কিকনে মনোনয়ন দাখিল কৰে।

জেডিইউৰ প্ৰাৰ্থী ইমছুমংবা পংগেন, ভাৰতীয় ৰিপাব্লিক পাৰ্টিৰ পৰা কাছেটো য়েপথোমি আৰু কংগ্ৰেছৰ প্ৰাৰ্থী আকাভি এন জিমোমীয়ে আটাইকেইজনেই ৪-ঘাস্পানী-ল বিধানসভা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে। আজি দুগৰাকী মহিলা প্ৰাৰ্থীয়েও মনোনয়ন দাখিল কৰে। এনডিপিপিৰ পৰা হেকানী জাখালু আৰু কাহুলী ছেমা আৰু বিজেপিয়ে ক্ৰমে তৃতীয় ডিমাপুৰ আৰু ৩২ আটয়জুৰ পৰা মনোনয়ন দাখিল কৰে। কাইলৈ ​​ মনোনয়ন দাখিল কৰা অন্তিম দিন । ৮ ফেব্ৰুৱাৰীত মনোনয়পত্ৰ পৰীক্ষা কৰা হব আৰু ৯ ফেব্ৰুৱাৰীত প্ৰত্যাহাৰ শেষ দিন ।