উত্তৰ-পূব

মেঘালয়ত বুজন পৰিমাণৰ নকল কফছিৰাপ জব্দ

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰ: চুবুৰীয়া ৰাজ্য মেঘালয়ত পুনৰ বুজন পৰিমাণৰ নকল কফছিৰাপ জব্দ কৰা হৈছে। ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ লুমছনং থানাৰ‌ আৰক্ষীয়ে মঙলবাৰে নিশা এখন ট্ৰাকৰ পৰা জব্দ কৰে এই বুজন পৰিমাণৰ কফছিৰাপখিনি।

ঘটনাৰ বিৱৰণ অনুসৰি মঙলবাৰে নিশা নাকা চেকিঙৰ সময়ত জে কে০২ এ ইউ ৫৬৫১ একেই পঞ্জীয়ন নম্বৰ থকা দুখন ট্ৰাকক ৰ'বলৈ নিৰ্দেশ দিয়া হয় যদিও এখন ট্ৰাক নিৰ্দেশ অমান্য কৰি পলায়ন‌ কৰে। কৰ্তব্যৰত আৰক্ষীয়ে ট্ৰাকখন খেদি খেদি আটক কৰে আৰু থানালৈ লৈ যায়। ট্ৰাকখনত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে নকল ফেঞ্চিডাইল কফছিৰাপ ভৰ্তি ১৫০টা কার্টুন।

কাৰ্টুন কেইটাৰ পৰা মুঠ ৪,৪৯০০ টা কফ ছিৰাপৰ বটল‌ জব্দ কৰা হয়। জব্দ কৰা কফছিৰাপৰ মুল্য কেবাকোটি টকা হ'ব বুলি অনুমান কৰা হৈছে।‌ এই সংক্ৰান্তত এনডিপিএছ ধাৰাৰ অধীনত লুমছনং থানাত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।