বিদ্ৰোহীৰ আক্ৰমণত ধ্বংস শিবিৰঃ প্ৰাণৰ মমতাত ম্যানমাৰ পৰা মিজোৰামত প্ৰৱেশ ৩০ বাৰ্মিজ সেনাৰ...
বিদ্ৰোহীৰ আক্ৰমণত ধ্বংস শিবিৰঃ প্ৰাণৰ মমতাত ম্যানমাৰ পৰা মিজোৰামত প্ৰৱেশ ৩০ বাৰ্মিজ সেনাৰ... 
উত্তৰ-পূব

বিদ্ৰোহীৰ আক্ৰমণত ধ্বংস শিবিৰঃ প্ৰাণৰ মমতাত ম্যানমাৰ পৰা মিজোৰামত প্ৰৱেশ ৩০ বাৰ্মিজ সেনাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ম্যানমাৰত সৃষ্টি হৈ থকা গৃহযুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে পুনৰ ৩০ গৰাকীকৈ বাৰ্মিজ সেনাই অস্ত্ৰসহ আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি ভাৰতৰ মাটিত প্ৰৱেশ কৰিছে। মংগলবাৰে মিজোৰামত প্ৰৱেশ কৰা এই বাৰ্মিজ সেনা জোৱানসকলক আছম ৰাইফলছে তেওঁলোকৰ জিম্মাত লোৱাৰ লগতে অস্ত্ৰসমূহো জব্দ কৰিছে।

সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি মিজোৰামৰ ভাৰত-ম্যানমাৰ সীমান্তৰ সীপাৰে চলি থকা সংঘাতৰ মাজতে মঙ্গলবাৰে পুৱা প্ৰায় ৮ বজাত ম্যানমাৰ সেনাৰ ৩০ জোৱানে বহু পৰিমাণৰ অস্ত্ৰ লৈ মিজোৰামৰ চিয়াহ জিলাত প্ৰৱেশ কৰে। ইয়াৰ পাছতে সুৰক্ষাৰ দায়িত্বত থকা আছাম ৰাইফলছে তেওঁলোকক নিজৰ জিম্মাত লয়।

লগতে এই কথাও প্ৰকাশ পাইছে যে, বাৰ্মিজ সেনাৰ জোৱান কেইজনে সীমান্তৰ ১৮ নং পাছৰ জৰিয়তে ভাৰতত প্ৰৱেশ কৰিছে। তেওঁলোকক পৰৱৰ্তী সোধপোছৰ বাবে অ' চি বি টুইপাঙলৈ লৈ যোৱা হৈছে।

উল্লেখ্য যে, শনিবাৰে নিশা পি ডি এফ আৰু চি এন এৰ বিদ্ৰোহীয়ে ম্যানমাৰৰ সেনাৰ শিবিৰত আক্ৰমণ কৰাৰ পাছতে ৩০ জনতকৈ অধিক সেনা জোৱানে শিবিৰ এৰি পলায়ন কৰে। এই সেনা জোৱানসকলৰ এটা দলে সোমবাৰে আহি ভাৰত সীমান্তত উপস্থিত হয় আৰু মঙ্গলবাৰে পুৱা ভাৰতত প্ৰৱেশ কৰে।

ইয়াৰ পূৰ্বেও ম্যানমাৰৰ সীমান্তৰ কেইবাখনো গাঁৱৰ বাসিন্দাৰ সৈতে ৭৫ গৰাকী বাৰ্মিজ সেনাই ম্যানমাৰত প্ৰৱেশ কৰিছিল। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁলোকক পুনৰ ম্যানমাৰলৈ উভতাই পঠিওৱা হৈছে।