শোণিতপুৰত উৰুৱাব নোৱাৰিব ড্ৰোণঃ বনভোজ খাবলৈ যোৱাৰ পূৰ্বে চাওক এই খবৰ...
শোণিতপুৰত উৰুৱাব নোৱাৰিব ড্ৰোণঃ বনভোজ খাবলৈ যোৱাৰ পূৰ্বে চাওক এই খবৰ... 
শোণিতপুৰ

শোণিতপুৰত উৰুৱাব নোৱাৰিব ড্ৰোণঃ বনভোজ খাবলৈ যোৱাৰ পূৰ্বে চাওক এই খবৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শোণিতপুৰৰ বনভোজস্থলীত লাউড স্পীকাৰ, ডিজে আদি বজোৱাৰ পূৰ্বে সাৱধান হওক। বনভোজৰ আনন্দৰ মাজতে বিপদত পৰিব পাৰে আপুনি। কিয়নো শোণিতপুৰৰ কেইবাটাও পৰ্যটনস্থলীত ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কিছু নিষেধাজ্ঞা আৰোপ কৰিছে জিলা উপায়ুক্তই।

জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই শোণিতপুৰৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নামেৰী সংৰক্ষিত বনাঞ্চল আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলৰ আশে-পাশে থকা অঞ্চলত বনভোজকাৰী দ'লবোৰে মদ্যপান কৰা তথা প্লাষ্টিক ব্যৱহাৰ কৰি আৱৰ্জনাৰ সৃষ্টি কৰাৰ ফলত জৈৱ প্ৰাকৃতিক পৰিৱেশ বিনষ্টৰ লগতে প্ৰাকৃতিক জলভাগ দুষিত হোৱাৰ উপৰিও জলভাগত পৰি দুৰ্ঘটনা হোৱাৰো প্ৰতিবেদন লাভ কৰাৰ পৰিপ্ৰেক্ষিতত ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কিছু নিষেধাজ্ঞা আৰোপ কৰিছে।

সেই অনুসৰি বনভোজস্থলী বা নদীৰ ঘাটত জৈৱ বৈচিত্ৰ্য বিঘ্নিত হোৱা যিকোনো ধৰণৰ প্লাষ্টিক ব্যৱহাৰ, উচ্চ স্বৰত লাউড স্পীকাৰ, ডি জে, অনুভাষ যন্ত্ৰ,মাইক বজোৱা, বনভোজস্থলী বা নদীৰ ঘাটৰ আশে-পাশে নিচাযুক্ত দ্ৰব্য কিনা-বেচাৰ লগতে সেৱন কৰা,আশে-পাশে আৱৰ্জনা পেলোৱা আৰু মুকলি ঠাইত শৌচ কৰাৰ উপৰিও মদ্যপান কৰি গাড়ী চলোৱা কঠোৰভাৱে নিষিদ্ধ কৰিছে । এই আদেশ তাৎক্ষণিক ভাৱে বলবৎ হোৱাৰ লগতে পৰৱৰ্তী আদেশ নিদিয়ালৈকে বাহাল থাকিব।

জিলা দণ্ডাধিশ গৰাকীয়ে আজি জাৰি কৰা আন এক নিষেধাজ্ঞাত, বায়ুসেনা ঘাটিৰ মুখ্য প্ৰশাসনিক বিষয়া আৰু শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ পৰা লাভ কৰা এক প্ৰতিবেদনৰ ভিত্তিত তেজপুৰ বায়ুসেনা ঘাটি আৰু বায়ুসেনা ষ্টেচনৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰা আৰু ড্ৰোণ নিয়ম,২০২১ অনুসৰি তেজপুৰ বায়ুসেনা ষ্টেচনৰ পৰিধিৰ পৰা ৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাত উপযুক্ত কৰ্তৃপক্ষৰ অনুমতি অবিহনে অগতানুগতিক আকাশী যন্ত্ৰ (Non-Conventional Aerial Objects) বা ড্ৰোণ উৰণ নিষিদ্ধ কৰা হৈছে।

এই এলেকাত অনুমতি অবিহনে কোনো ড্ৰোণ উৰি থকা পৰিলক্ষিত হ'লে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয় আৰু ড্ৰোণ নিয়ম,২০২১ অনুসৰি সেই ড্ৰোণ ধ্বংস বা জব্দ কৰা হ'ব। লগতে বায়ুসেনা ষ্টেচনৰ পৰিধিৰ পৰা প্ৰায় ৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাক NO DRONE ZONE হিচাপে ঘোষণা কৰা হৈছে। এই আদেশ তাৎক্ষণিক ভাৱে বলবৎ কৰাৰ লগতে পুনৰ আদেশ নিদিয়ালৈকে বাহাল থাকিব।