ৰাষ্ট্ৰীয়

ইনষ্টাগ্ৰাম ৰীল বনাবলৈ ধ্বংস কৰিলে ঐতিহাসিক স্মৃতিচিহ্ন

Asomiya Pratidin

ডিজিটেল ডেস্ক : ক্ৰমাৎ যেন সামাজিক মাধ্যমে গ্ৰাস কৰি আহিছে আজিৰ সমাজক । প্ৰত্যেকটো কৰ্মৰ অন্তৰালৰ কাৰণ যেন সামাজিক মাধ্যম হৈ পৰিছে । তেনে এক ঘটনাই সংঘটিত হ'ল মহাৰাষ্ট্ৰত ।

মহাৰাষ্ট্ৰৰ ঐতিহাসিক ৱাচাই কিলা হৈছে ভাৰতত পৰ্টুগীজ ঔপনিৱেশিক সময়ছোৱাৰে এক স্মৃতিচিহ্ন । যি বৰ্তমান ভাৰতীয় পুৰাতত্ব বিভাগৰ গৱেষণাৰ অধীনত । কিন্তু তেনে এক সমলকেই কেৱল ইনষ্টাগ্ৰামৰ ৰীল বনাবলৈয়ে আংশিকভাৱে ধ্বংস কৰিলে এজন যুৱকে ।

আৰক্ষীয়ে জনোৱা অনুসৰি, হাচিম শ্বেইখ নামৰ যুৱকগৰাকীয়ে ৱাচাই কিলাৰ এখন দেৱালত ইংৰাজী 'এচ' আখৰটো চুৰীৰে খোদাই কৰাৰ ওপৰিও পৰৱৰ্তী সময়ত কোনো এক ৰাসায়নিক দ্ৰৱ্যৰ জৰিয়তে আখৰটোত অগ্নি সংযোগ কৰে ৰীলৰ বাবে ।

যুৱকগৰাকীৰ ভিডিঅ'টি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছত সেই ভিডিঅ'ৰ আধাৰতেই ভাৰতীয় পুৰাতত্ব বিভাগে ৱাচাই কিলাৰ ধ্বংসপ্ৰাপ্তস্থান পৰিদৰ্শন কৰি যুৱকগৰাকীৰ বিৰুদ্ধে এক গোচৰ তৰে । সেই গোচৰৰ আধাৰত বৰ্তমান আৰক্ষীৰ জিম্মাত যুৱকগৰাকী ।

আনহাতে, ৱাচাই কিলাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ঐতিহাসিকস্থান সমূহ বৰ্তমান পুনৰ্নিমাণৰ অৱস্থাত আছে, তেনেস্থলত সেই স্থান সমূহত শ্বুটিং সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ চৰকাৰক আবেদন কৰিছে পুৰাতত্ব বিভাগে ।